নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুনমাটিত আছু–প্রেছ ক্লাবৰ কার্যালয় লণ্ড ভণ্ড

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ অসমীয়া জাতীয় সংগঠনৰ ওপৰত পুনৰ দুর্বৃত্তৰ আক্রমণ৷ এইবাৰ গুৱাহাটীৰ নাৰেংগীস্থিত পূব গুৱাহাটী প্রেছ ক্লাব আৰু নাৰেংগী ছাত্র সন্থাৰ কার্যালয়ত দুষৃকতিকাৰীয়ে আক্রমণ কৰি লণ্ড ভণ্ড কৰে৷ আনকি দুর্বৃত্তৰ হাতৰ পৰা সাৰি নগ’ল হাজাৰ হাজাৰ শ্বহীদৰ স্মৃতিসৌধ৷ এই লৈ অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ ঘটনা সন্দর্ভত পূব গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি চামছুল ৰহমান আৰু সম্পাদক মনোজ কুমাৰ ডেকা, সদৌ গুৱাহাটী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক টুটুমণি চৌধুৰী, নাৰেংগী ছাত্র সন্থাৰ ভাৰপ্রাপ্ত সভাপতি অপূর্ব বৈশ্য আৰু সম্পাদক দ্বীপজ্যোতি কলিতাই তীব্র প্রতিক্রিয়া প্রকাশ কৰে৷ এই সন্দর্ভত এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে জনায় যে পূব গুৱাহাটী প্রেছ ক্লাব আৰু নাৰেংগী ছাত্র সন্থাই যুটীয়াভাৱে নাৰেংগী তিনিআলিৰ এল জি টাৱাৰৰ সমীপত কার্যালয় স্থাপন কৰি দীর্ঘদিন ধৰি ভোগ কৰি আহিছে৷ আনকি দুয়োটা অনুষ্ঠানে সভা–সমিতি পাতি ৰাইজক সেৱা আগবঢ়াই আহিছে৷ তেনেস্থলতে বৃহস্পতিবাৰে মাজনিশা দুর্বৃত্তই আছু আৰু প্রেছ ক্লাবৰ কার্যালয়টো ভাঙি লণ্ড ভণ্ড কৰে৷ আনকি দুর্বৃত্তৰ দলটোৱে অসমৰ জাতীয় সংগ্রামত প্রাণ আহুতি দিয়া বীৰ শ্বহীদৰ ত্যাগকো ভৰিৰে মোহাৰি কার্যালয়ত থকা শ্বহীদ বেদীটোও দূৰলৈ দলিয়াই পেলায়৷

শুকুৰবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে কার্যালয়টো লণ্ডভণ্ড হৈ থকা দেখি আচৰিত হয়৷ ঘটনা সন্দর্ভত প্রেছ ক্লাব আৰু আছুৰ নেতৃবর্গক খবৰ দিয়ে৷ ঘটনাস্থলীত উপস্থিত হৈ দুয়োটা সংগঠনৰ নেতৃত্বই আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ চৰজমিন তদন্ত কৰে যদিও এতিয়ালৈ কাকো গ্রেপ্তাৰ কৰিব পৰা নাই৷ ঘটনা সন্দর্ভত প্রেছ ক্লাব আৰু আছুই এখন এজাহাৰ দাখিল কৰে৷ ঘটনাটোক স্থানীয় ৰাইজে সহজভাৱে ল’ব পৰা নাই৷ জাতীয় সংগঠনৰ কার্যালয় লণ্ডভণ্ড কৰা ঘটনাক অসম জাতীয়তাবাদী যুৱ–ছাত্র সন্থা, জু–নাৰেংগী, সাতগাঁও, নুনমাটি, চান্দমাৰি ছাত্র সন্থা, নুনমাটি নাগৰিক সমিতি, নাৰেংগী লক্ষী বজাৰ কমিটী, নাৰেংগী উন্নয়ন সমিতি আদিয়ে তীব্র ভাষাৰে গৰিহণা দিয়ে আৰু অতি সোনকালে এই ঘটনাৰ লগত জডিত দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনায়৷ উল্লেখ্য যে দুষৃকতিকাৰীয়ে প্রেছ ক্লাব আৰু আছুৰ নথি–পত্র, ষ্টাম্প, পেড আদিও লুট কৰি নিয়ে৷

You might also like