নিয়মীয়া বাৰ্তা ২১ জুনঃ মহানগৰীৰ পাথৰকোৱেৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ এজনে আন এজন লোকৰ গালত কামুৰি মাংস ছিঙি নিয়াৰ ফলত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে লোকজন৷ সম্প্রতি চিকিৎসাধীন হৈ আছে নিতেশ কুমাৰ গুপ্তা নামৰ লোকজন৷ এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে পাথৰকোৱেৰীৰ বিষ্ণু নগৰত৷ ঘটনাৰ বিৱৰণী অনুসৰি, একেটা অঞ্চলৰ বাসিন্দা ৰঞ্জন ৰায় নামৰ লোকজনে দেওবাৰে পুৱা প্রায় চাৰে ৯ মান বজাত আকস্মিকভাৱে নিজ গৃহৰ চৌহদত আহি নিতেশ কুমাৰ গুপ্তা নামৰ লোকজনৰ গালত কামুৰি ধৰে৷ প্রচণ্ড জোৰে কামুৰি ধৰি আনকি গালৰ মাংস ছিঙি লৈ যায় আক্রমণকাৰী ৰঞ্জন ৰায়ে৷ লগে লগে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ঘটনাস্থলীত৷
পৰিয়ালৰ আন লোক আৰু স্থানীয় ৰাইজে আক্রমণকাৰীজনক কৰায়ত্ত কৰি আৰক্ষীক খবৰ দিয়ে৷ সাতগাঁও আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ আক্রমণকাৰী নৰখাদক ৰঞ্জন ৰায়ক গ্রেপ্তাৰ কৰাৰ উপৰি গুৰুতৰভাৱে আহত হোৱা নিতেশ গুপ্তাক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ ইতিমধ্যে পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰিছে সাতগাঁও থানাত৷
জানিব পৰা মতে, ৰঞ্জন ৰায় নামৰ যুৱকজনে দীর্ঘদিনৰ পৰা গুপ্তাৰ পত্নীক অশ্লীল ইংগিত দি আহিছিল৷ তাৰ বাবে আনকি একাধিকবাৰ তেওঁক সকীয়নি প্রদান কৰিছিল গুপ্তাৰ পৰিয়ালে৷ ইয়াৰ ফলত এক শীতল মনোমালিন্য চলি আছিল দুয়োপক্ষৰ মাজত৷ তাৰেই ভয়ানক পৰিণতি হিচাপে আজি সুযোগ বুজি আক্রমণ কৰে গুপ্তাক৷ সম্প্রতি সাতগাঁও আৰক্ষীৰ জিম্মাত আছে নৰখাদকৰূপী সঞ্জয় ৰায়৷ ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷