পথভ্রষ্টঃ ফটাশিলত নিচাসক্তই এচিড ঢালিলে যুৱকক
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত আৰক্ষীয়ে ড্রাগ্ছমুক্ত অসম গঢ়াৰ বাবে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীৰ অভিযানত শ শ কোটি টকাৰ ড্রাগ্ছসহ বহু সৰবৰাহকাৰী গ্রেপ্তাৰ হৈছে৷ আৰক্ষীৰ ড্রাগ্ছবিৰোধী অভিযানৰ পাছতে পথভ্রষ্ট হোৱাৰ দিশে গতি কৰা বহু যুৱক–যুৱতীয়ে এটা নতুন জীৱন আৰম্ভ কৰিছে৷ কিন্তু ইয়াৰ বিপৰীতে একাংশ ড্রাগ্ছ আসক্তই ড্রাগ্ছ ক্রয় কৰিব নোৱাৰি আশ্রয় লৈছে আন নিচাযুক্ত দ্রব্যৰ৷ ড্রাগ্ছ সেৱন কৰিবলৈ নাপাই উন্মাদ হৈ পৰা যুৱকে মঙলবাৰে মহানগৰীৰ ফটাশিলত সংঘটিত কৰিলে এক ভয়ংকৰ কাণ্ড৷
ফটাশিল আমবাৰী থানাৰ অন্তর্গত ৰত্নগিৰি পথত আজি বিয়লি প্রায় ৪ বজাত এজন নিচাসক্ত যুৱকে সুৰা সেৱন কৰিবলৈ এজন লোকক ধন দাবী কৰে৷ দাবী কৰা ধন আদায় নিদিয়াৰ বাবে উৎপল বড়ো ওৰফে ধেপাই নামৰ যুৱকজনে এচিডেৰে আক্রমণ কৰে আমজাদ আলীক৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পূর্বতেও বিভিন্ন অপৰাধমূলক কার্যকলাপত জড়িত থকা উৎপল বড়ো নামৰ যুৱকজনে এই সভ্য সমাজক কলংকিত কৰা বীভৎস্য ঘটনা সংঘটিত কৰে৷
সম্প্রতি এচিড আক্রমণৰ বলি হোৱা আমজাদ আলী সংকটজনক অৱস্থাত জিএমচিএইচত চিকিৎসাধীন হৈ আছে৷ ঘটনা সন্দর্ভত ভুক্তভোগী যুৱকজনৰ পৰিয়ালৰ লোকে ফটাশিল আমবাৰী থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি ফটাশিল আমবাৰী আৰক্ষীয়ে অভিযুক্ত উৎপল বড়োক বিচাৰি অভিযান অব্যাহত ৰাখিছে৷
বাতৰি লিখা পৰলৈকে অভিযুক্ত উৎপলক আৰক্ষীয়ে আটক কৰিব পৰা নাই৷ ইফালে স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, পূর্বতেও অভিযুক্ত উৎপলে অঞ্চলটোত অসামাজিক কার্যকলাপ সংঘটিত কৰি অহাৰ লগতে দাবী কৰা ধন আদায় নিদিয়াৰ বাবে কেইবাজনো লোকক আক্রমণ কৰিছিল৷ ইয়াৰ উপৰি অভিযুক্ত উৎপলে হস্তনির্মিত বোমাৰে ফটাশিলৰ বজাৰতো আক্রমণ কৰিছিল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ নিচা জাতীয় সামগ্রী ক্রয়ৰ বাবে দাবী কৰা ধন আদায় নিদিয়াত এচিডেৰে আক্রমণ কৰা ঘটনাক লৈ মহানগৰ আৰক্ষীৰ ভিতৰচ’ৰাতো তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ অভিযুক্তক শীঘ্রে আটক কৰিবলৈ মহানগৰ আৰক্ষী আয়ুক্তই নির্দেশ দিছে৷ আৰক্ষী আয়ুক্তৰ নির্দেশমর্মে উচ্চপদস্থ বিষয়াসহ ফটাশিল আমবাৰী আৰক্ষীয়ে অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে৷