অগপৰ পূব গুৱাহাটী বিধান পৰিষদৰ চাকি–তেল বিতৰণ
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ অসম গণ পৰিষদৰ ভাতৃ সংগঠন পূব গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত সমাগত দীপাৱলী উপলক্ষে বুধবাৰে চানমাৰিত মাটিৰ চাকি–তেল আৰু দীপাৱলীৰ অন্যান্য সামগ্রী বিতৰণ কৰা হয়৷ চানমাৰিৰ অভিযান্ত্রিক খেলপথাৰত আয়োজিত মাটিৰ চাকি প্রদান কার্যসূচীত সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্য, দলৰ মুখপাত্র সীমান্ত ঠাকুৰীয়াকে ধৰি কেইবাগৰাকী নেতা–কর্মী উপস্থিত থাকে৷ অনুষ্ঠানত শতাধিক লোকৰ মাজত মাটিৰ চাকি, মিঠাতেল আদি বিতৰণ কৰা হয়৷ ‘সেউজ গুৱাহাটী আৰু প্রদূষণমুক্ত’ শীর্ষক সংকল্পৰে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে অগপৰ ভাতৃ সংগঠনটোৱে চাকি–তেল বিতৰণ কৰাৰ উপৰি এক গছপুলি ৰোপণ কার্যসূচী গ্রহণ কৰা বুলি অগপৰ মুখপাত্র সীমান্ত ঠাকুৰীয়াই জানিবলৈ দিছে৷