নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথত ফট্কা নুফুটাব–নির্দিষ্ট ঠাইত জমা কৰক আৱর্জনা

নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ মহানগৰবাসীক সেউজ দীপাৱলী উদ্যাপনৰ বাবে গুৱাহাটী পৌৰ নিগমে আহ্বান জনাইছে৷ পাৰিপার্শ্বিকতা প্রদূষণ আৰু বয়োজ্যেষ্ঠ লোকৰ লগতে চৰাই–চিৰিকটিৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি পৌৰ আয়ুক্ত দেৱাশিস শর্মাই মহানগৰবাসীলৈ এই আহ্বান জনায়৷ তদুপৰি দীপাৱলীৰ সময়ছোৱাত কোনো লোকে যাতে পথত ফট্কা আদি ফুটাই মহানগৰবাসীৰ যাতায়াত বিঘ্ণিত নকৰে তাৰ প্রতিও লক্ষ্য ৰাখিবলৈ পৌৰ আয়ুক্ত শর্মাই নাগৰিকসকলক আহ্বান জনায়৷

এক ভিডিঅ’ বার্তাত পৌৰ আয়ুক্ত শর্মাই সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছ জনাই কয় যে প্রদূষণৰ প্রতি লক্ষ্য ৰাখি সকলোৱে সেউজ দীপাৱলী উদ্যাপন কৰক৷ দীপাৱলীত নিজ নিজ ঘৰৰ চৌহদৰ মুকলি ঠাইত ফট্কা আদি ফুটাই ফট্কাৰ অৱশিষ্ট অংশ আৰু পেলনীয়া কাগজ আদি জমা কৰি ৰাখিব লাগে৷ গুৱাহাটীখন পৰিষ্কাৰ কৰি ৰখাৰ স্বার্থত সকলোৱে ইয়াৰ প্রতি লক্ষ্য ৰখা উচিত বুলি পৌৰ আয়ুুক্তগৰাকীয়ে মন্তব্য কৰে৷ তদুপৰি বয়োজ্যেষ্ঠ ব্যক্তি তথা পাৰিপার্শ্বিকতাৰ প্রতি লক্ষ্য কৰি দীপাৱলীত সেউজীয়া ফট্কা ব্যৱহাৰ কৰিবলৈ তেওঁ আহ্বান জনায়৷

You might also like