নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমানবন্দৰ অভিমুখী পথত অবৈধ পার্কিং

নির্বিকাৰ যান–বাহন আৰক্ষী

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ  উত্তৰ–পূবৰ একমাত্র আন্তর্জাতিক বিমানবন্দৰ হিচাপে পৰিচিত বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ অভিমুখে যোৱা পথছোৱাৰ দুয়োদিশে গঢ়ি উঠিছে অবৈধ পার্কিং৷ ফলত অতি গুৰুত্বপূর্ণ পথছোৱাৰে বিমানবন্দৰলৈ যাতায়াত কৰা যান–বাহনৰ স্বাভাৱিক চলাচল ব্যাহত হোৱাৰ লগতে দুর্ঘটনা সংঘটিত হোৱাৰ আশংকাও প্রকট হৈ পৰিছে৷ উল্লেখ্য যে পথছোৱাৰ দুয়োদিশে আছে দোকান–পোহাৰকে ধৰি বিভিন্ন ব্যৱসায়িত প্রতিষ্ঠান৷ ইয়ালৈ অহা গ্রাহকসকলে তেওঁলোকৰ বাহনসমূহ পথৰ ওপৰতে পার্কিং কৰে৷ তদুপৰি হোটেল–ৰেস্তোৰাঁলৈ অহা গ্রাহকসকলে ঘণ্টাৰ পিছত ঘণ্টা বাহনসমূহ পথৰ ওপৰতে ৰখাই থৈ দিয়াত ব্যস্ত পথছোৱা সংকুচিত হৈ পৰিছে৷ তদুপৰি ৰখাই থোৱা বাহনসমূহ পথৰ ওপৰতে ঘূৰোৱা–মেলা কৰি থকাৰ ফলত প্রায়ে সৰু–সুৰা দুর্ঘটনা সংঘটিত হৈ আহিছে৷ মন কৰিবলগীয়া যে উত্তৰ–পূর্বাঞ্চলৰ একমাত্র আন্তর্জাতিক বিমানবন্দৰ হোৱা হেতুকে দেশ–বিদেশৰ লোকসকলে বৰঝাৰ বিমানবন্দৰ হৈ বিভিন্ন ৰাজ্যলৈ যাতায়াত কৰে৷ কিন্তু প্রৱেশদ্বাৰৰ মূল পথছোৱাতে যান–বাহনৰ বিশৃংখল পৰিৱেশে বাহিৰৰ লোকসকলৰ মনত অসম তথা গুৱাহাটীৰ প্রতি বিৰূপ মনোভাব পোষণ কৰাটো স্বাভাৱিক৷ দিনৰ দিনটো ব্যস্ত পথটো অবৈধ পার্কিঙৰ ফলত সংকুচিত হৈ থকাৰ ফলতো আজাৰা যান–বাহন আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰা কার্যই ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

You might also like