নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৪ চনৰ ১৫ আগষ্টত লালকিল্লাৰ পৰা সমগ্র দেশবাসীক আহ্বান জনাইছিল স্বচ্ছ ভাৰত গঢ়াৰ বাবে৷ ইয়াৰ পিছতে দেশজুৰি আৰম্ভ হয় স্বচ্ছ ভাৰত অভিযান৷ পিছপৰি নাথাকিল অসমকে ধৰি গুৱাহাটী মহানগৰ৷ হাতে হাতে কোৰ–ঝাৰু লৈ চৰকাৰী পক্ষৰ লগতে সাধাৰণ নাগৰিকসকলেও আৰম্ভ কৰিলে চাফাই অভিযান৷ কিন্তু দিন বাগৰাৰ লগে লগে ধোঁৱাচাঙত উঠিল সকলো৷ এতিয়া যেনিয়েই চকু যায় তেনিয়েই জাবৰ–আৱর্জনাৰ দ’ম৷ বিশেষকৈ, আজাৰাৰ ভি আই পি চ’কৰ পৰা লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ অভিমুখী পথছোৱাৰ দাঁতিত দ’ম বান্ধি পৰি থকা আৱর্জনাই সমগ্র পৰিৱেশ বিনষ্ট কৰি তুলিছে৷ মন কৰিবলগীয়া যে যোৱা ২৫ মে’ৰ পৰা ঘৰুৱা বিমানৰ চলাচল আৰম্ভ হোৱাৰ পৰা দৈনিক বিমানেৰে গড়ে পাঁচ হাজাৰৰো অধিক লোকে বৰঝাৰ বিমানবন্দৰৰ পৰা অহা–যোৱা কৰি আছে৷ কিন্তু বিমানবন্দৰলৈ অহা পথটোৰ দাঁতিতে দ’ম বান্ধি থকা আৱর্জনা আৰু ইয়াৰ পৰা নির্গত দুর্গন্ধই নাগৰিকসকলক বাৰুকৈয়ে আহুকালত পেলাইছে৷ বিশেষকৈ, ভি আই পি চ’কৰ পৰা জাগৰণৰ সমীপলৈ পথৰ দুয়োদিশে, বিমানবন্দৰৰ পৰা গড়ল সংযোগী পথৰ দাঁতিত দ’ম বান্ধি আছে আৱর্জনা৷ সচেতন লোকসকলে আন্তর্জাতিক বিমানবন্দৰ অভিমুখী পথটোৰ দাঁতিত দ’ম বান্ধি থকা আৱর্জনাসমূহ পৰিষ্কাৰ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক দাবী জনাইছে৷