নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুনমাটিত হেৰ’ইনসহ ৫ সৰবৰাহকাৰীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ পিছতে ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷ আৰক্ষীৰ অভিযানত কেইবাশ কোটি টকাৰ ড্রাগ্ছসহ বহু সৰবৰাহকাৰী গ্রেপ্তাৰ হৈছে৷

মুখ্যমন্ত্রীৰ নির্দেশমর্মে মহানগৰ আৰক্ষী আৰু অপৰাধ শাখায়ো গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ড্রাগ্ছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত শুকুৰবাৰে নুনমাটি আৰক্ষীয়ে পানীখাইতীৰ আমগাঁও, বীৰকুছি, শালবাৰীত অভিযান চলাই ড্রাগ্ছসহ পাঁচটা সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইটা ক্রমে অংকুৰজ্যোতি দাস, ৰাহুল হুছেইন, অজিত শইকীয়া, ৰাজীৱ ৰাজবংশী আৰু কিশোৰ শর্মা৷ অভিযানকাৰী দলটোৱে ড্রাগ্ছ সৰবৰাহকাৰীকেইটাৰ্ পৰা ১৬ গ্রাম হেৰ’ইন, ১০৭টা খালী কণ্টেইনাৰ, ১৫টা ছিৰিঞ্জ, ১২টা ম’বাইল ফোন জব্দ কৰে৷ নুনমাটি আৰক্ষীয়ে এনডিপিএছ এক্টৰ অধীনত ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

উল্লেখ্য যে বিগত ১৫টা দিনত মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাৰ অভিযানত ৫৮টা ড্রাগ্ছ সৰবৰাহকাৰী গ্রেপ্তাৰ হৈছে৷ মহানগৰীৰ থানাসমূহত এনডিপিএছ এক্টৰ অধীনত বিগত ১৫টা দিনত ৰুজু হৈছে ১৭টাকৈ গোচৰ৷ মহানগৰ আৰক্ষীৰ অভিযানত ১২.৪ কেজি গাঞ্জা, প্রায় ৩০০ গ্রাম হেৰ’ইন, ৫,০২,৬০০ নগদ ধন, ১৪খন বাহন জব্দ কৰিবলৈ সক্ষম হৈছে৷

You might also like