নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়মাইলত চাঞ্চল্যকৰ হত্যাকাণ্ড; সোধা–পোছাৰ বাবে চাৰিজনক আটক

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ৰাজপথত নিশাৰ কাজিয়া ভাঙিবলৈ গৈ দুর্বৃত্তৰ প্রহাৰত প্রাণ হেৰুওৱা নবীন গগৈৰ হত্যাকাৰীক গ্রেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ নিশাৰ মহানগৰীত ৰড আৰু চোকা অস্ত্রৰে মূৰত মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰা গগৈৰ হত্যাকাৰীক ঘটনাৰ তিনি দিনৰ পাছতো আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও কালি চাৰিজন যুৱকক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ অৱশ্যে গোচৰৰ তদন্তৰ খাতিৰত আৰক্ষীয়ে আটকাধীন যুৱককেইজনৰ পৰিচয় প্রকাশ কৰাৰ পৰা বিৰত আছে৷

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে নিশা প্রায় ১১.৪৫ বজাত ছয়মাইল উৰণীয়া সেতুৰ সমীপৰ ডিএছডি বাৰৰ সন্মুখত দুই ফৈদৰ মাজত কাজিয়া লাগিছিল৷ দুয়োপক্ষৰ আক্রমণ–প্রত্যাক্রম হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে গৃহাভিমুখী নবীন গগৈ নামৰ লোকজনে নিজৰ দুচকীয়া বাহনখন পথৰ দাঁতিত ৰখাই কাজিয়া ভাঙিবলৈ যায়৷ এনেতে কেইজনমান অচিনাক্ত যুৱকে ৰড আৰু চোকা অস্ত্রৰে গগৈৰ মূৰত প্রহাৰ কৰাত তেওঁ গুৰুতৰভাৱে আহত হয়৷ কিছুসময় পাছত ঘটনাস্থলীত দিছপুৰ থানাৰ টহলদাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ আহত তেওঁক জিএনআৰচি হাস্পতালত ভর্তি কৰে৷ হাস্পতালত চিকিৎসাধীন অৱস্থাতে কালি পুৱা আহত গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰে৷

অৱশ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পূর্বেই আক্রমণকাৰীৰ দলটোৱে পলায়ন কৰে৷ ঘটনা সন্দর্ভত মৃত ব্যক্তিজনৰ পৰিয়ালৰ লোকে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like