নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজাক বৰষুণতেই বুৰিল মহানগৰীৰ বিস্তীর্ণ অঞ্চল

নিয়মীয়া বাৰ্তা ২২ জুনঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ বাবে পৌৰ নিগমে ঢ়াক–ঢ়োল বজাই থকাৰ মাজতে এজাক বৰষুণে জি এম চিৰ মিছন ফ্লাড ফ্রীৰ নগ্ণ ছবি উন্মোচিত কৰে৷ কৃত্রিম বানৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ সপোন দেখুৱাই বছৰৰ পিছত বছৰ ধৰি ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰী আৰু ঠিকাদাৰৰ বাবে মহানগৰীৰ কৃত্রিম বান যে সোণৰ কণী পৰা হাঁহ সেই কথা পুনৰবাৰ প্রমাণিত কৰিলে দুপৰীয়াৰ বৰষুণজাকে৷ মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে পৌৰ নিগমে বিগত প্রায় দুমাহ ধৰি দিনে–নিশাই মহানগৰীৰ নলা–নর্দমা আৰু ভৰলু নিষ্কাশন কৰি থকাৰ মাজতে মঙলবাৰে দিনৰ প্রায় ১ বজাত অহা বৰষুণজাকে মহানগৰীৰ আভিজাত্য উটুৱাই নিয়া পৰিলক্ষিত হয়৷ মাজনিশাৰ মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ ৰাজপথত একাঁঠু পানী জমা হোৱাৰ লগতে ন ন অঞ্চল প্লাৱিত হয়৷ প্রায় দুঘণ্টা সময় ধৰি হোৱা বৰষুণৰ ফলত মহানগৰীৰ জি এছ ৰোড, আৰ জি বৰুৱা ৰোড, ডাউনটাউন, ৰুক্মিণীগাঁও, পাঞ্জাবাৰী, হাতীগাঁও, ভেটাপাৰা, লালমাটি, বশিষ্ঠ, লতাকটা, বামুণীমৈদাম, গুৱাহাটী ক্লাব, আমবাৰী, মালিগাঁও আৰু জালুক্বাৰীৰ ৰাজপথত একাঁঠু পানী জমা হয়৷

তদুপৰি বানৰ ক্বলত পৰা অঞ্চলৰ বাট–পথত নলাৰ পৰা উটি অহা প্লাষ্টিকৰ বটল, আবর্জনা আৰু বোকাৰে ভৰি পৰা পৰিলক্ষিত হয়৷ দীর্ঘ সময় ধৰি ৰাজপথত অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত যান–বাহনৰ চলাচল বন্ধ হৈ পৰে৷ দুপৰীয়াৰ এই বৰষুণজাকত সৃষ্টি হোৱা কৃত্রিম বানে জি এছ ৰোডৰ পদপথ পর্যন্ত বুৰাই পেলায়৷ ফলত দীর্ঘ সময় ধৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকল আবদ্ধ হৈ পৰে৷ আনহাতে, বৰষুণজাকৰ ফলত মহানগৰীৰ ৰুক্মিণীগাঁও আৰু হাতীগাঁৱৰ একাংশ লোকৰ বাসগৃহত পানী সোমায়৷ একেই অৱস্থা অনিল নগৰ আৰু নবীন নগৰতো হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ বিশেষকৈ হাতীগাঁৱৰ ৰাজপথত বিয়লিপর্যন্ত পানী জমা হৈ থকা বাবে যাতায়াত বিঘ্ণিত হয়৷ কৃত্রিম বানত মহানগৰীৰ বহু ব্যৱসায়িক প্রতিষ্ঠানত পানী সোমাই লাখ লাখ টকাৰ সামগ্রী নষ্ট কৰাৰ উপৰি বিভিন্ন প্রান্তত কেইবাখনো যান–বাহন বিকল হোৱা বুলি জানিব পৰা গৈছে৷

নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাৰ তৎপৰতাত মহানগৰবাসীয়ে কৃত্রিম বানৰ পৰা সকাহ পাব বুলি ধাৰণা কৰা হৈছিল যদিও বছৰৰ দ্বিতীয়টো কৃত্রিম বানে মহানগৰীৰ ন ন অঞ্চল প্লাৱিত কৰাত মহানগৰবাসীৰ মাজত বিভিন্ন প্রশ্ণ উত্থাপিত হৈছে৷ উল্লেখ্য যে মহানগৰীৰ বিভিন্ন প্রান্তত নলা নিষ্কাশন কৰি আবর্জনাসমূহ পথৰ দাঁতিত জমা কৰি ৰখা হৈছিল৷ সেইসমূহ পুনৰ বৰষুণজাকে সিঁচৰতি কৰাত বাট–পথ কদর্য হৈ পৰে৷ আৰু নলাত সোমায়৷ উল্লেখ্য যে মহানগৰীৰ নলা–নর্দমা নিষ্কাশনৰ বাবে ৭১গৰাকী ঠিকাদাৰক ঠিকা আবণ্টন দিছিল যদিও একাংশ বিষয়া–কর্মচাৰীৰ ষড়যন্ত্রত জি এম চি কর্তৃপক্ষই ঠিকা বাতিল কৰে৷ ফলত আধাতে নলা নিষ্কাশনৰ কাম বন্ধ হৈ পৰাত মহানগৰীৰ বিস্তীর্ণ অঞ্চল কৃত্রিম বানৰ কবলত পৰে৷ কিন্তু কৃত্রিম বানৰ পৰা কেতিয়া মহানগৰবাসীয়ে সকাহ পাব সেই প্রশ্ণ এতিয়া প্রতিগৰাকী মহানগৰবাসীৰ মুখে মুখে উচ্চাৰিত হৈছে৷

You might also like