নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফার্মাচীলৈ গৈ প্রহূত বিশেষভাৱে সক্ষম শিশু; অভিযুক্ত আৰক্ষী নিলম্বিত

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে বলৱৎ কৰা সান্ধ্য আইনৰ মাজতে মহানগৰ আৰক্ষীৰ এক বর্বৰোচিত কার্যই সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ দৰব ল’বলৈ পিতৃৰ সৈতে ওলাই অহা এটা বিশেষভাৱে সক্ষম শিশুক ভৰলুত আৰক্ষীয়ে প্রহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ঘটনাৰ বিৱৰণী অনুসৰি কালি সন্ধিয়া প্রায় ৬.৩০ বজাত বিশেষভাৱে সক্ষম শিশুটিক লগত লৈ কুমাৰপাৰাৰ পৰা দৰব ল’বৰ বাবে এখন বাইকেৰে ওলাই আহিছিল পল্লৱ চলিহা নামৰ ব্যক্তিজন৷ কুমাৰপাৰা অঞ্চলত সকলো দোকান–পোহাৰ বন্ধ হৈ যোৱাৰ বাবে তেওঁ ভৰলুলৈ আহিছিল ঔষধ ল’বলৈ৷ ফার্মাচিত ঔষধ লোৱাৰ পিছত পুনৰ তেওঁ ৰাওনা হৈছিল ঘৰলৈ৷ সেই সময়তে ভৰলুত পহৰাদাৰী আৰক্ষীয়ে তেওঁক বাইক ৰখাবলৈ ইংগিত দিয়ে৷ সেই অনুসৰি তেওঁ যথাস্থানত বাইকখন ৰখায় যদিও কোনো সোধা–পোছা নকৰাকৈয়ে এজন আৰক্ষীয়ে বাইকৰ পিছফালে বহি থকা বিশেষভাৱে সক্ষম শিশুটিৰ পিঠিত লাঠীৰে প্রহাৰ কৰে৷ লগে লগে পিতৃ চলিহাই আৰক্ষীক শিশুটি বিশেষভাৱে সক্ষম বুলি অৱগত কৰি তেওঁক ঘৰলৈ লৈ আহে৷ আৰক্ষীৰ প্রহাৰত শিশুটিয়ে পিঠিত যথেষ্ট আঘাত পায়৷ ঘৰ পোৱাৰ পিছত ছ’চিয়েল মিডিয়াত এটা ভিডি’ পোষ্ট কৰি পল্লৱ চলিহাই আৰক্ষীৰ এই বর্বৰ কাণ্ডৰ বিৱৰণী দাঙি ধৰে৷

ইয়াৰ লগে লগে অসম আৰক্ষীত হাহাকাৰ লাগে৷ মহানগৰ আৰক্ষীয়ে সান্ধ্য আইনৰ সময়ত কৰা এনে বর্বৰ কাণ্ডক সকলোৱে একমুখে ধিক্কাৰ দিয়ে৷ চলিহাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি তেওঁ আৰক্ষীৰ দলটোক সমস্ত ঘটনা বিৱৰি ক’বলৈ চেষ্টা কৰিছিল যদিও তেওঁক কোনোধৰণৰ সুযোগ দিয়া হোৱা নাছিল৷ বৰঞ্চ সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা এজন উচ্চ পর্যায়ৰ বিষয়াই হিন্দী ভাষাৰে থানাত সুমুৱাই থ’ম বুলি তেওঁক হুমকি দিছিল বুলি সদৰী কৰে৷ অৱশ্যে এই ঘটনাৰ পিছতে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙে সমগ্র ঘটনা সন্দর্ভত দুখ প্রকাশ কৰাৰ লগতে এই ঘটনাৰ উচিত তদন্ত কৰা হ’ব বুলি টুইটাৰযোগে আশ্বাস দিয়ে৷ সমান্তৰালভাৱে সিঙে ব্যক্তিগতভাৱে চলিহাৰ পৰিয়ালক সাক্ষাৎ কৰি এই অবাঞ্ছনীয় ঘটনাৰ বাবে অসম আৰক্ষীৰ তৰফৰ পৰা ভুল হোৱা বুলি স্বীকাৰ কৰাৰ লগতে তেওঁলোকৰ ওচৰত ক্ষমা ভিক্ষা কৰে৷ এনেধৰণৰ ঘটনা যাতে আগলৈ সংঘটিত নহয়, তাৰ বাবে আৰক্ষীৰ মাজত সচেতনতাৰ সৃষ্টি কৰা হ’ব বুলিও তেওঁ সদৰী কৰিছে৷

ইপিনে,  এখন সংবাদ মেলযোগে এই সমগ্র ঘটনাক দুর্ভাগ্যজনক আখ্যা দিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷ সংবাদ মেলত সঞ্চালকপ্রধানজনে কয়– ‘কালিৰ ঘটনাটো এক বিচ্যুতি৷ এয়া অসম আৰক্ষীৰ চৰিত্র নহয়৷ কালিৰ ঘটনাটো ভুল আছিল বুলি আমি স্বীকাৰ কৰিছোঁ৷ এতিয়া এক কঠিন সময় আমি সকলোৱে পাৰ কৰিবলগীয়া হৈছে৷ আৰক্ষী বাহিনীও যথেষ্ট চাপত আছে৷ যাৰ বাবে হয়তো নপৰিবলগীয়া ব্যক্তিৰ পিঠিত কোব পৰিছে৷ এয়া দুর্ভাগ্যজনক৷ এই ঘটনাৰ পিছত তেওঁলোকক ক্ষমা খুজি ঘৰলৈ আগবঢ়াই লৈ যাব লাগিছিল৷ অসম আৰক্ষী সেৱাৰ মনোবৃত্তিৰে আগবাঢ়িব লাগিব৷ অসম আৰক্ষীত বছগিৰি মনোবৃত্তি থাকিব নোৱাৰিব৷ এতিয়াৰে পৰা যদি কোনো আৰক্ষীয়ে শিশুৰ প্রতি অন্যায় কৰে, তেনেহ’লে তেনে আৰক্ষীয়ে ৭ দিনৰ বাবে বিশেষ মনোবৈজ্ঞানিক আৰু আইনী প্রশিক্ষণ গ্রহণ কৰাটো বাধ্যতামূলক কৰা হৈছে৷’ একে সময়তে সংবাদ মেলত তেওঁ সদৰী কৰা অনুসৰি দুর্গত শিশুক সহায়ৰ বাবেও ইতিমধ্যে অসম আৰক্ষীৰ তৰফৰ পৰা পদক্ষেপ গ্রহণ কৰা হৈছে৷

সমান্তৰালভাৱে গুৱাহাটীৰ আৰক্ষীৰ আয়ুক্ত মুন্না প্রসাদ গুপ্তাই এই সমগ্র ঘটনাৰ এটা তদন্ত ঘোষণা কৰিছে৷ ডিচিপি পর্যায়ৰ এগৰাকী বিষয়াই এই ঘটনাৰ তদন্ত কৰিব৷ ইপিনে, বিশেষভাৱে সক্ষম শিশুটিক প্রহাৰ কৰা ঘটনাত জড়িত থকাৰ অভিযোগত গুৱাহাটী পুলিচ ৰিজার্ভৰ আৰক্ষী জোৱান মুকুট বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে মহানগৰ আৰক্ষীয়ে৷

You might also like