নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থলুৱা সামগ্রীৰ পেকেজিং–পর্যটনথলী উন্নয়নৰ আশ্বাস

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ দক্ষিণ ভোলাগাঁও গাঁও পঞ্চায়তৰ অধীনৰ অসম–মেঘালয় সীমান্তৰ জনজাতীয় বসতিপ্রধান অঞ্চলসমূহৰ উৎপাদিত থলুৱা সামগ্রীসমূহ সংগ্রহ কৰি তাক পেকেজিং কৰি বজাৰলৈ বা গ্রাহকৰ মাজলৈ নিয়াৰ বাবে প্রধানমন্ত্রী বন্ধন বিকাশ যোজনাৰ অধীনত মাটাইখাৰত স্থাপন কৰা হৈছে বন্ধন বিকাশ কেন্দ্র৷ গুৱাহাটীৰ লালমাটিস্থিত ভাৰতীয় উদ্যমিতা প্রতিষ্ঠান চমুকৈ আই আই ইৰ সহযোগত স্থাপন কৰা কেন্দ্রটোৰ জৰিয়তে মেঘালয় সীমান্তৱর্তী অঞ্চল ক্রমে মাটাইখাৰ, জিমিৰগাঁও কুণ্ডিলনগৰ, শালশেৰ, মিলনপুৰ আদি অঞ্চলত উৎপাদিত জালুক, আদা, হালধি, জহা চাউল, আমলখি, শিলিখা, তেজপাত, শালগছৰ পাত, অর্জুন গছৰ ছাল আদি বৈজ্ঞানিক পদ্ধতিত সংগ্রহ কৰি তাক পেকেজিং কৰাৰ লগতে পর্যটনস্থলী উন্নয়নৰ বাবে ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ২৬ ডিচেম্বৰত মাটাইখাৰ বন্ধন বিকাশ কেন্দ্রটো উদ্বোধন কৰে স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই৷ এই উপলক্ষে আই আই ইৰ কর্মকর্তা চয়নিকা ডেকাই আঁত ধৰা অনুষ্ঠানত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই ভাষণ প্রসংগত কেন্দ্রই অঞ্চলটোৰ বিকাশৰ বাবে গ্রহণ কৰা পদক্ষেপৰ শলাগ লৈ এইক্ষেত্রত তেওঁৰ ফালৰ পৰা সকলো সহায়–সহযোগিতা আগবঢ়োৱা হ’ব বুলি ব্যক্ত কৰে৷ অনুষ্ঠানত আই আই ইৰ সঞ্চালক অভিজিৎ শর্মা, প্রকল্প মুৰব্বী হেমন্ত ৰাভা, কেন্দ্রৰ উপদেষ্টা প্রমোদ কলিতা, সভাপতি প্রাণেশ্বৰ ৰাভা, সম্পাদক চার্জন ৰাভা মেগো, ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বর্মন, জিলা পৰিষদৰ প্রাক্তন সদস্য ৰবীন দৈমাৰী, দক্ষিণ ভোলাগাঁও অগপ আঞ্চলিক কমিটীৰ সভাপতি কন্দর্প ৰাভা, সম্পাদক কল্যাণ কলিতা উপস্থিত থাকে৷

You might also like