আজাৰাৰ ২নং প্রফেছৰ কলনী পথৰ দুৰৱস্থা
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ গুৱাহাটীৰ পশ্চিম প্রান্তৰ আজাৰা গাঁও পঞ্চায়ত এলেকাৰ আজাৰা প্রফেছৰ কলনীৰ (কোনাপাৰা) প্রায় ৮০০ মিটাৰ দৈর্ঘ্যৰ ২নং পথছোৱা যাতায়াতৰ অনুপযোগী হৈ পৰাত তাৰ বাসিন্দাসকল ভীষণ অসুবিধাৰ সন্মুুখীন হ’বলগীয়া হৈছে ৷ এই সন্দর্ভত তাৰ একাংশ বাসিন্দাই জানিবলৈ দিয়া মতে, স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই বিগত চাৰিটা বছৰত সমষ্টিটোৰ আন আন অঞ্চলৰ লগতে আজাৰা অঞ্চলটোৰ চুকে–কোণেবাট–পথ, নলা–নর্দমাৰ উন্নয়ন সাধনকে ধৰি যথেষ্ট আন্তঃগাঁথনি উন্নয়নৰ কাম কৰি ৰাইজৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে৷ সমান্তৰালভাৱে আজাৰা গাঁও পঞ্চায়তৰ সভানেত্রী কবিতা বডো ৰংপীয়েও বিগত প্রায় ডেৰটা বছৰত পঞ্চায়তখনত তেওঁৰ সাধ্যানুসাৰে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ কিন্তু ইয়াৰ মাজতো ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা প্রফেছৰ কলনীৰ ২নং পথছোৱা উন্নয়নমূলক আঁচনিৰ পৰা বাদ পৰি যোৱাত বাসিন্দাসকল চিন্তিত হৈ পৰিছে৷ বিগত বাৰিষাৰ সময়ছোৱাত বহুদিন ধৰি পথছোৱাৰে স্বাভাৱিক যাতায়াত ব্যৱস্থা প্রায় বন্ধই আছিল৷ এই সন্দর্ভত বাসিন্দাসকলে পথছোৱাৰ দুৰৱস্থাৰ বিষয়ে বিধায়ক আৰু পঞ্চায়ত সভানেত্রীক অৱগত কৰিছিল৷ তেওঁলোকে বাৰিষা শেষ হোৱাৰ পিছত পথছোৱাৰ উন্নয়ন কৰা হ’ব বুলি আশ্বাস দিছিল৷ কিন্তু বাৰিষা শেষ হোৱাৰ দুমাহ পাৰ হোৱাৰ পিছতো পথৰ উন্নয়নমূলক কাম–কাজ আৰম্ভ নোহোৱাত বাসিন্দাসকল চিন্তিত হৈ পৰিছে৷ যাৰ বাবে নতুন ইংৰাজী বর্ষ আৰম্ভ হোৱাৰ আগতেই ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা প্রফেছৰ কলনীৰ ২নং পথটো নলাসহ পকীকৰণ কৰিবলৈ বাসিন্দাসকলে দাবী জনোৱাৰ লগতে এইক্ষেত্রত বিধায়ক আৰু পঞ্চায়ত সভানেত্রীৰ হস্তক্ষেপ দাবী কৰিছে৷