বামুণীমৈদাম কলনী বজাৰত ছিণ্ডিকেট
মহানগৰ আৰক্ষী–ৰে’ল আৰক্ষীক মেনেজ কৰি বাবু–দিগন্তই সংগ্রহ কৰিছে গুণ্ডাকৰ
নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ ৰাজনৈতিক আশিসপুষ্ট এটা শক্তিশালী চক্রই আৰক্ষী–প্রশাসনক মেনেজ কৰি গুৱাহাটীৰ বজাৰসমূহত গুণ্ডাকৰ সংগ্রহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ বেলতলা বজাৰ আৰু ছয়মাইল উৰণীয়া সেঁতুৰ তলৰ বজাৰত ক্ষুদ্র ব্যৱসায়ীৰ পৰা দাবী–ধমকিৰে গুণ্ডাকৰ সংগ্রহ কৰাৰ দৰেই বামুণীমৈদাম কলনী বজাৰতো এটা শক্তিশালী চক্রই গুণ্ডাকৰ সংগ্রহ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অভিযোগ অনুসৰি বাবু দাস আৰু দিগন্ত বৰদলৈৰ নেতৃত্বত এটা চক্রই বামুণীমৈদাম কলনী বজাৰত দীর্ঘদিন ধৰি ক্ষুদ্র ব্যৱসায়ীসকলৰ পৰা গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ বাবু আৰু দিগন্তৰ নেতৃত্বত কলনী বজাৰত চলা ছিণ্ডিকেটৰ বাবেই ক্ষুদ্র ব্যৱসায়ীসকলে শাক–পাচলি চৰা দামত বিক্রী কৰিবলগীয়া হৈছে৷ অভিযোগ অনুসৰি চানমাৰি থানা আৰু ৰে’ল বিভাগৰ একাংশ অসাধু আৰক্ষী বিষয়া–কনিষ্টবলক মেনেজ কৰি বামুণীমৈদাম কলনী বজাৰৰ পৰা দৈনিক ৬০–৭০ হাজাৰ টকাৰ গুণ্ডাকৰ সংগ্রহ কৰি আহিছে বাবু–দিগন্ত বাহিনীয়ে৷ গুৱাহাটী মহানগৰীৰ সমীপৱর্তী চন্দ্রপুৰ, পানীখাইতী, মায়ং, বকো, ছয়গাঁও, দুধনৈ, সোণাপুৰ, ক্ষেত্রী, জাগীৰোড আদি বিভিন্ন স্থানৰ পৰা প্রতিদিনে শতাধিক ক্ষুদ্র ব্যৱসায়ী বামুণীমৈদামৰ কলনী বজাৰলৈ আহে৷ এই ব্যৱসায়ীসকলৰ উপৰিও বামুণীমৈদাম কলনী বজাৰত শতাধিক স্থায়ী ব্যৱসায়ীয়ে দীর্ঘদিন ধৰি ব্যৱসায় চলাই আহিছে৷ এই ব্যৱসায়ীসকলৰ পৰা বাবু–দিগন্ত বাহিনীয়ে প্রতিদিনে ১০০–৩০০ টকালৈকে গুণ্ডাকৰ সংগ্রহ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ব্যৱসায়ীসকলে৷ শেহতীয়াকৈ কামৰূপ মহানগৰ জিলা প্রশাসনে বেলতলা বজাৰ আৰু ছয়মাইল উৰণীয়া সেঁতুৰ তলৰ বজাৰত গুণ্ডাকৰ সংগ্রহ কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল৷ ঠিক একেদৰে বামুণীমৈদাম কলনী বজাৰতো গুণ্ডাকৰ সংগ্রহ কৰি অহা চক্রটোৰ বিৰুদ্ধে জিলা প্রশাসনক ব্যৱস্থা গ্রহণ কৰিবলৈ ক্ষুদ্র ব্যৱসায়ীসকলে আহ্বান জনাইছে৷ এইক্ষেত্রত জিলা প্রশাসনে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷