চন্দ্রপুৰত ৰহস্যজনকভাৱে সন্ধানহীন বেংকৰ কর্মচাৰী
নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ প্রাগজ্যোতিষপুৰ থানাৰ অন্তর্গত চন্দ্রপুৰ মিলন নগৰৰ বাসিন্দা তথা জুৰোডস্থিত বেংক অৱ বৰোডাৰ অশোক ওৰাং (৫০) নামৰ কর্মচাৰীজন যোৱা ৪ ছেপ্টেম্বৰৰ নিশা ঘৰৰ সন্মুখৰ পৰা সন্ধানহীন হোৱা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত৷ প্রাপ্ত তথ্য অনুসৰি, কর্মচাৰীজনে সেইদিনা নিশাৰ আহাৰ গ্রহণ কৰাৰ পিছত প্রায় মাজনিশা সময়ত বাহিৰত প্রস্রাৱ কৰিবলৈ বুলি ওলাই যায়৷
সেই ওলাই যোৱাৰ পৰাই আকস্মিকভাৱে নিখোজ হৈ পৰে লোকজন৷ প্রায় লগে লগে পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে ঘৰৰ চৌপাশৰ লগতে সমগ্র অঞ্চলটোত লোকজনক বিচাৰি অভিযান চলায় যদিও নিশা কোনো সন্ধান উলিয়াবলৈ সক্ষম নহ’ল৷ আনকি বৃহত্তৰ চন্দ্রপুৰ অঞ্চলৰ বিভিন্ন স্থানত বিচাৰ–খোঁচাৰ কৰাৰ উপৰি আত্মীয়ৰ ঘৰতো খা–খবৰ কৰে যদিও শুংসূত্র পোৱা নাই লোকজনৰ৷
উপায়হীন পৰিয়ালে স্থানীয় থানাত ৰহস্যজনক নিখোজ সন্দর্ভত এজাহাৰ দাখিল কৰিছে৷ ইফালে, পৰিয়ালে জানিবলৈ দিয়া মতে দেশৰ লগতে ৰাজ্য তথা মহানগৰীত ক’ৰোনাৰ সংক্রমণৰ পিছৰে পৰা কিছু পৰিমাণে ভীতিগ্রস্ত হৈ আছিল লোকজন৷