বৰঝাৰ বিমানবন্দৰৰ দায়িত্বজ্ঞানহীনতাঃ দীর্ঘদিনে বিকল পাব্লিক টয়লেট; বিমানযাত্রী–কর্মচাৰীৰ হাহাকাৰ
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান্বন্দৰত ঊর্ধ্বতন কর্তৃপক্ষৰ চূডান্ত দায়িত্বজ্ঞানহীনতাৰ বাবেই বিমান্বন্দৰ চৌহদত গঢ়ি উঠিছে এক অস্বাস্থ্যকৰ দৃষ্টিকটু পৰিৱেশ৷ অতি দুর্ভাগ্যজনক এই যে ৰঝাৰ বিমান্বন্দৰটোত কর্মৰত কর্মচাৰীসকলে শৌচালয় আৰু প্রস্রাৱাগাৰৰ অসুবিধাৰ ােব সম্প্রতি চৰম আহুকালৰ সন্মুখীন হ’লগীয়া হৈছে৷ মাৰাত্মক ক’ভিড–১৯ৰ ভয়াৱহতা ক্রমাৎ সুস্থিৰ হৈ উঠাৰ পিছত বিগত ২৫ মে’ৰ পৰা বিমান সেৱাৰ চলাচল আৰম্ভ হয়৷
সম্প্রতি বৰঝাৰ বিমান্বন্দৰৰ জৰিয়তে দৈনিক গড হিচাপত প্রায় সাত–আঠ হাজাৰ বিমানযাত্রীয়ে অহা–যোৱা কৰি আছে৷ তদুপৰি বিমানযাত্রী অনা–নিয়া কৰা যান–বাহন, যাত্রীক আগবঢ়াই থ’বলৈ যোৱা পৰিয়ালৰ লোক, প্রতিদিনে বিমান্বন্দৰটোৰ কর্ত্ব্যত নিয়োজিত হৈ থকা কর্মচাৰীকে ধৰি প্রতিদিনে ৰঝাৰ বিমান্বন্দৰত দহ হাজাৰৰো অধিক লোকৰ সমাগম ঘটে৷ ইপিনে ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত বিমানযাত্রীসকলে তিনি–চাৰি ঘণ্টা আগেয়ে আহি ৰঝাৰ বিমান্বন্দৰত উপস্থিত হয়৷ কিন্তু অতি পৰিতাপৰ কথা এই যে ৰঝাৰ বিমান্বন্দৰত থকা দুটাকৈ ই–টয়লেট সুদীর্ঘ দিন ধৰি ন্ধ হৈ থকাত বিমানযাত্রীকে ধৰি আন কর্মচাৰীসকল চৰম দুর্দশাৰ সন্মুখীন হৈ আহিছে৷
তদুপৰি আন একাংশ পুৰুষ বিমান যাত্রীয়ে বিকল ই–টয়লেটৰ কাষতে মুকলিভাৱে প্রস্রাৱ কৰা দৃশ্যই বিমান্বন্দৰটোৰ স্বাভাৱিক পৰিৱেশ দৃষ্টিকটু কৰি তুলিছে৷ বিমান্বন্দৰ কর্তৃপক্ষৰ এনে দায়িত্বজ্ঞানহীন মনোভাবক বিমানযাত্রী তথা কর্মচাৰীসকলে একমুখে ধিক্কাৰ দিছে৷ লগতে বিকল ই–টয়লেট দুটা অচিৰেই কার্যক্ষম কৰি তুল্বিলৈ দাবী জনাইছে৷