নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত কমলসিং নার্জাৰীৰ প্রতিকৃতি দাহ বিজেপিৰ

‘বিধায়িকা আঙুৰলতাক লৈ একো কোৱা নাই, আঙুৰলতা বহু থাকিব পাৰে’

নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ এইবাৰ বিধায়ক নার্জাৰীৰ ওলোটা খৰ৷ বিধায়িকা আঙুৰলতা ডেকাৰ প্রতি একো অশালীন মন্তব্য কৰা নাছিল বুলি ব্যক্ত কৰিছে বিধায়ক কমলসিং নার্জাৰীয়ে৷ শেহতীয়া বিতর্ক সন্দর্ভত বিধায়কজনে কয় যে বিজেপিয়ে বিষয়টোক লৈ ৰাজনীতি কৰিছে৷ নার্জাৰীয়ে কয়– ‘মই বিধায়িকা আঙুৰলতা ডেকাক লৈ একো কোৱা নাই৷ আঙুৰলতা বহুতৰ নাম থাকিব পাৰে৷ বিজেপিয়ে বিষয়টোক লৈ উঠিপৰি লাগি পৰাটো দুর্ভাগ্যজনক৷’ উল্লেখ্য যে আঙুৰলতা ডেকাই এইবাৰ বিটিচি নির্বাচনত ব্যাপক প্রচাৰ অভিযান চলাইছিল৷ গীত–নৃত্য কৰি নির্বাচনী প্রচাৰ চলোৱা আঙুৰলতা ডেকাই প্রতিখন নির্বাচনী সভাতে বিপিএফ দলক আক্রমণৰ লক্ষ্য কৰি লৈছিল৷ বিধায়ক কমলসিং নার্জাৰীয়ে শালীনতাৰ সকলো সীমা পাৰ কৰি আঙুৰলতা ডেকাৰ প্রতি অশ্লীল বাক্যবাণ নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ বিধায়কজনৰ এনে মন্তব্যই এতিয়া ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাইছে৷ এনে সময়তে বিধায়কজনে হাগ্রামা মহিলাৰীক বকাসুৰ বুলি কোৱা কোনোবা আঙুৰলতাকহে তেনে মন্তব্য কৰা বুলি ওলোটা খৰ মৰা পৰিলক্ষিত হয়৷ নার্জাৰীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ বিধায়িকাগৰাকীক লৈ তেনে মন্তব্য কৰা নাই৷ তেওঁ সেই কথাখিনি কওঁতে বিধায়িকা বুলিও উল্লেখ কৰা নাই, বটদ্রৱা সমষ্টিৰ নামো লোৱা নাই৷ ইফালে, আজি বিজনীৰ উলুবাৰীত আজি বিজেপি কর্মকর্তাসকলে বিভিন্ন শ্লোগান দি বিধায়ক নার্জাৰীৰ প্রতিকৃতি দাহ কৰে৷ উক্ত প্রতিবাদকাৰীয়ে বিধায়ক নার্জাৰীক বিধায়িকা আঙুৰলতা ডেকাক ক্ষমা বিচাৰিবলৈ আহ্বান জনায়৷
নলবাৰী মহিলা মর্চাৰ তীব্র প্রতিক্রিয়া
বিজেপিৰ নলবাৰী জিলা মহিলা মর্চাৰ সভানেত্রী অঞ্জনা বর্মন, উপ–সভানেত্রী দুলুমণি কলিতা, চপলা মেধি, সাধাৰণ সম্পাদিকা পপী দত্ত, সম্পাদিকা বিভা বর্মন, ডালিমী দাসে এক বিবৃতিত তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে নলবাৰীৰ জীয়ৰী আঙুৰলতা ডেকাক কমল সিং নার্জাৰীয়ে যি শব্দ ব্যৱহাৰ কৰি সংবাদ মাধ্যমৰ আগত সমালোচনা কৰিছে, সেয়া ধিক্কাৰজনক৷ সংস্কাৰবিহীন বি পি এফ দলৰ

You might also like