নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগ্ছ আসক্তৰ ইৰেজ এক্স–ডেনড্রাইট সেৱন

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত অসম আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীৰ ড্রাগ্ছবিৰোধী অভিযানত ড্রাগ্ছসহ বহু ব্যৱসায়ী গ্রেপ্তাৰ হৈছে৷ মহানগৰ আৰক্ষীয়েও গুৱাহাটীৰ বিভিন্ন স্থানত অব্যাহত ৰাখিছে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান৷ মহানগৰ আৰক্ষীৰ অভিযানৰ পিছতে গুৱাহাটীত ড্রাগ্ছৰ ব্যৱসায় প্রায় বন্ধ হৈ পৰাৰ উপক্রম ঘটিছে৷ ড্রাগ্ছৰ ব্যৱসায় বন্ধ হৈ পৰাত ড্রাগ্ছ আসক্তসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ড্রাগ্ছ সেৱন কৰিবলৈ নাপাই আসক্তই ইৰেজ এক্স–ডেনড্রাইট–কফ ছিৰাপ আদিকে ধৰি বিভিন্ন নিচাজাতীয় দ্রব্য ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে৷

শেহতীয়াকৈ ড্রাগ্ছ আসক্তসকলৰ মাজত জনপ্রিয় হৈ পৰিছে ইৰেজ এক্স আৰু ডেনড্রাইট৷ ইয়াৰ উপৰি ড্রাগ্ছ আসক্তক একাংশ অসাধু ফামার্চীৰ ব্যৱসায়ীয়ে প্রেছক্রিপচন অবিহনেই কফ ছিৰাপ বিক্রী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ড্রাগ্ছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযানৰ পিছতে অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ইৰেজ এক্স–ডেনড্রাইটকে ধৰি নিচাজাতীয় দ্রব্যৰ বিক্রী৷ নাম প্রকাশত অনিচ্ছুক এগৰাকী ব্যৱসায়ীয়ে জানিবলৈ দিয়া মতে, বিগত দুটা মাহত ইৰেজ এক্স–ডেনড্রাইট–কুইক্ আদিৰ বিক্রী বৃদ্ধি পাইছে৷

ব্যৱসায়ীজনে প্রথম অৱস্থাত ইৰেজ এক্স–ডেনড্রাইট–কুইক্ আদি এজন যুৱককে সৰহকৈ বিক্রী কৰিছিল যদিও অস্বাভাৱিক হাৰত এই সামগ্রীসমূহৰ বিক্রী বৃদ্ধি পোৱাত দুই–এজনক এই বিষয়ে সোধাত ড্রাগ্ছ আসক্তসকলে বিকল্প হিচাপে এই সামগ্রীসমূহ ব্যৱহাৰ কৰে বুলি জানিবলৈ পাৰে৷ ইয়াৰ পিছৰে পৰা ইৰেজ এক্স–ডেনড্রাইট–কুইক্ আদি ক্রয় কৰিবলৈ আহিলে যুৱক–যুৱতীসকলক্ কি কাৰণে লাগে সেয়া সুধিহে বিক্রী কৰি আহিছে৷ ইয়াৰ বিপৰীতে একাংশ ব্যৱসায়ীয়ে ইৰেজ এক্স–ডেনড্রাইট–কুইক্ আদিৰ দৰে সামগ্রী সৰহকৈ বিক্রী কৰি মুনাফা লুটিছে৷ গুৱাহাটী মহানগৰীত শেহতীয়াভাৱে ইৰেজ এক্স–ডেনড্রাইট–কুইক্ বিক্রী হোৱা বিষয়টো আৰক্ষীয়ে কিদৰে গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like