নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএছচি পৰীক্ষাত ৯৯.৭৫ শতাংশঃ দেশৰ ভিতৰত শীর্ষস্থান বিশ্বনাথৰ অস্মিতা কাকতিৰ

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ সর্বভাৰতীয় পর্যায়ত বৰগাং এইবাৰ উজলি উঠিছে বিশ্বনাথৰ বৰগাঙৰ মেধাৱী ছাত্রী অস্মিতা কাকতি৷ ইণ্ডিয়ান চার্টিফিকেট অৱ ছেকেণ্ডেৰী এডুকেচন (আই চি এছ ই) পাঠ্যক্রমৰ সদ্যঘোষিত দ্বাদশ শ্রেণীৰ আই এছ চি পৰীক্ষাৰ ফলাফলত বিশ্বনাথ জিলাৰ অস্মিতা কাকতিয়ে হিউমেনিটী শাখাত (কলা শাখা) দেশৰ ভিতৰতে প্রথম স্থান অধিকাৰ কৰি জিলা তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে৷ নিজৰ সফলতাৰে সমগ্র বিশ্বনাথৰ লগতে অসমকো মেধাৱী ছাত্রী অস্মিতা কাকতিয়ে গৌৰৱান্বিত কৰিছে৷

বিশ্বনাথ জিলাৰ বৰগাং চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক জ্যোতির্ময় কাকতি আৰু নৱনীতা কাকতিৰ কন্যা অস্মিতা কাকতিয়ে শোণিতপুৰ জিলাৰ বালিপৰাৰ অসম ভেলী স্কুলৰ পৰা আই চি এছ ই পাঠ্যক্রমৰ দ্বাদশ শ্রেণীৰ আই এছ চি পৰীক্ষাত ‘হিউমেনিটী’ শাখাত ৯৯.৭৫ শতাংশ নম্বৰ লাভ কৰি ভাৰতৰ ভিতৰতে প্রথম স্থান লাভ কৰাটো গৌৰৱৰ বিষয় বুলি বিবেচিত হৈছে৷

অস্মিতাই বুৰঞ্জীত ১০০, মনোবিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০, ইংৰাজীত ৯৯ আৰু ৰাজনীতি বিজ্ঞানত ৯৫ নম্বৰ লাভ কৰি এই সফলতা অর্জন কৰিছে৷

উল্লেখ্য যে সৰুৰে পৰাই সকলো বিষয়তে পার্গত অস্মিতাই মেট্ৰিক পৰীক্ষাতো ৯৭.২০ শতাংশ নম্বৰ লাভ কৰি উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ ভৱিষ্যতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীত মেজৰ লৈ পঢ়াৰ পৰিকল্পনা কৰা অস্মিতাই পৰীক্ষাৰ সময়ত আন ছাত্র–ছাত্রীৰ দৰে ৮–৯ ঘণ্টা ধৰি পঢ়া নাছিল৷ অস্মিতাই মাত্র ২ ঘণ্টাকৈ পঢ়িছিল যদিও সেই সময়খিনি অতি মনোযোগেৰে পঢ়িছিল আৰু এনে সাফল্য লাভ কৰিছিল৷

সংগীতৰ প্রতি বিশেষ ৰাপ থকা অস্মিতাই পিয়ান’ বজোৱাৰ লগতে বেডমিণ্টন খেলি ভাল পায়৷ কোনো ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ কেৱল বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রী তথা পিতৃ–মাতৃৰ পৰা বিশেষ সহায় লাভ কৰি সফলতা অর্জন কৰা অস্মিতাই সামাজিক মাধ্যমৰ পৰাও বহুতো তথ্য আহৰণ কৰিছিল বুলি জানিবলৈ দিছে৷

‘থ্রীলাৰ’ আৰু আফগান লেখক খালেদ হুছেইনৰ কিতাপ পঢ়ি ভাল পোৱা অস্মিতাৰ এই সাফল্যত আনন্দিত হৈ পৰিছে অস্মিতাৰ পিতৃ–মাতৃৰ লগতে ককাকপ্রাক্তন উপায়ুক্ত চন্দ্রমোহন কাকতি৷ অস্মিতাৰ পিতৃয়ে জানিবলৈ দিয়া মতে, অস্মিতাৰ পৰা এনেধৰণৰ সাফল্য আশা কৰিছিল আৰু ভৱিষ্যতে এগৰাকী ভাল নাৰী হৈ অস্মিতাই সমাজক সহায় কৰাটো বিচাৰিছে৷

ইফালে অস্মিতাৰ এই সাফল্যত বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ লগতে বিশ্বনাথ চাৰিআলি প্রেছ ক্লাব, ছাত্র সমাজকে ধৰি বিভিন্নজনে অভিনন্দন জনাইছে৷ অস্মিতাৰ পঢ়া–শুনাৰ লগতে খেলা–ধূলা, কবিতা আবৃত্তি আৰু সাংস্কৃতিক জগতখনতো সুন্দৰ দখল আছে৷ কবিতা আবৃত্তি কৰাৰ উপৰি ইংৰাজী গীতৰ লগতে অসমীয়া গীত গাই প্রচুৰ জনপ্রিয়তা অর্জন কৰা অস্মিতাই অষ্ট্রেলিয়াত সুধাকণ্ঠৰ ‘দোলা হে দোলা, একা–বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ বৰ বৰ মানুহৰ দোলা’ শীর্ষক গীতটি পৰিৱেশন কৰি পুৰস্কৃত হোৱাৰ উপৰি প্রচুৰ খ্যাতি লাভ কৰে৷

You might also like