অধিবক্তা সমাজৰে মত বিনিময় মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ পূব গুৱাহাটী সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্রার্থী মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই সমষ্টিটোৰ অলিয়ে–গলিয়ে নির্বাচনী প্রচাৰ চলাই ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ নির্বাচনী প্রচাৰৰ অংশ হিচাপে আজি মন্ত্রী ভট্টাচার্যই গুৱাহাটী উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতৰ অধিবক্তাসকলৰ সৈতে মত বিনিময় কৰে৷ মন্ত্রী ভট্টাচার্যই অধিবক্তাসকলৰ পৰা দিহা–পৰামর্শ বিচৰাৰ লগতে গুৱাহাটী মহানগৰীৰ সামগ্রিক উন্নয়নৰ বাবে তেওঁক জয়ী কৰিবলৈ আহ্বান জনায়৷ ইয়াৰ উপৰি মন্ত্রী ভট্টাচার্যই আজি কেইবাখনো নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি ৰাইজক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷ মন্ত্রী ভট্টাচার্যই লাচিত নগৰৰ লাচিতজ্যোতি সংঘ, উজান বজাৰৰ আৰিকাটিবস্তি, পানীকল, ইছলামপট্টি, ইছলামপুৰ যুৱক সংঘকে ধৰি কেইবাটাও স্থানত নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলবাসীয়ে সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধানৰ আশ্বাস দিয়ে৷