নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৭ শতাংশতকৈ অধিক ভোটাৰৰ ভোট ৩৯ সমষ্টিত

দ্বিতীয় পর্যায়ৰ নির্বাচনত ব্যাপক উৎসাহ

নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ গণতন্ত্রৰ উৎসৱত ভোটাৰৰ পাৰভগা উছাহ৷ দ্বিতীয় পর্যায়ত ৰাজ্যৰ ৩৯ সমষ্টিত আজি সম্পন্ন হোৱা নির্বাচনতো গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ নাগৰিকৰ মাজত পৰিলক্ষিত হ’ল ব্যাপক আনন্দোল্লাস৷ বিশেষকৈ নৱপ্রজন্ম আৰু মহিলা ভোটাৰসকল অতি আগ্রাহেৰে ভোটদান কৰিবলৈ আগবাঢ়ি আহে৷ নিশ্চিতভাৱে এয়া গণতন্ত্রৰ প্রতি শুভলক্ষণ আৰু ব্যতিক্রম ৰূপে বিবেচিত হৈছে৷ মুক্ত–নিকা–সুৰক্ষিত ভোটগ্রহণ প্রক্রিয়া সম্পন্ন কৰাৰ বাবে নির্বাচন আয়োগৰ নির্দেশত গঢ়ি তোলা কঠোৰ নিৰাপত্তা আৰু ক’ভিড বিধিৰ মাজত প্রথম পর্যায়ৰ দৰে দ্বিতীয় পর্যায়ৰ নির্বাচনো দুই–এটা বিক্ষিপ্ত ঘটনা আৰু ইভিএমৰ বিজুতিক বাদ দি সামগ্রিকভাৱে শান্তিপূর্ণকৈ সমাপন হয়৷

নিশা ৯ বজাত অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি ৩৯টা সমষ্টিত সামগ্রিক ভোটদানৰ হাৰ হৈছে ৭৭.২১ শতাংশ৷ অৱশ্যে এই হাৰ আৰু বৃদ্ধি পাব৷ কিয়নো কেতবোৰ ভোটকেন্দ্রৰ পৰা এতিয়াও এই সম্পর্কীয় তথ্য পাবলৈ বাকী আছে৷ সেয়েহে আজিহে নিশ্চিত হ’ব দ্বিতীয় পর্যায়ৰ নির্বাচনৰ চূড়ান্ত ভোটদানৰ হাৰ৷ অৱশ্যে বিয়লি পাঁচ বজাত মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ে সদৰী কৰা সমষ্টিভিত্তিক বিশদ তথ্য অনুসৰি দলগাঁও সমষ্টিত সর্বাধিক ৮১.৭০ শতাংশ ভোটাৰে ভোটধিকাৰ সাব্যস্ত কৰিছে৷ এইক্ষেত্রত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্রমে নলবাৰী আৰু কাটলিচেৰা৷

নলবাৰীত ভোটদানৰ হাৰ ৮১.৫৩ শতাংশ হোৱাৰ বিপৰীতে কাটলিচেৰাত হৈছে ৭৯.৮৩ শতাংশ৷ তদুপৰি ৰাতাবাৰীত ৬৯.৫০ শতাংশ, পাথাৰকান্দিত ৭০.৪০ শতাংশ, উত্তৰ কৰিমগঞ্জত ৬৯.২০ শতাংশ, দক্ষিণ কৰিমগঞ্জত ৭১.৬০ শতাংশ, বদৰপুৰত ৬৯.৭০ শতাংশ, হাইলাকান্দিত ৭৬.১০ শতাংশ, আলগাপুৰত ৭৮.১২ শতাংশ, শিলচৰত ৭১.১১ শতাংশ, সোণাইত ৭১.১০ শতাংশ, ধলাইত ৭১.৮০ শতাংশ, উদাৰবন্দত ৭১.৪৭ শতাংশ, লক্ষীপুৰত ৬৮.০৮ শতাংশ, বৰখলাত ৭০.১৪ শতাংশ, কাটিগড়াত ৭১.১৫ শতাংশ, হাফলঙত ৬৯ শতাংশ, বোকাজানত ৭০.৫৬ শতাংশ, হাওৰাঘাটত ৬৮.৪০ শতাংশ, ডিফুত ৭১.৩৮ শতাংশ, বৈঠালাংছ’ত ৬৮.৪৮ শতাংশ, কমলপুৰত ৭৩.১৫ শতাংশ, ৰঙিয়াত ৭৩.৬০ শতাংশ, পানেৰীত ৭৩.৪৩ শতাংশ, কলাইগাঁৱত ৭৭.৮০ শতাংশ, ছিপাঝাৰত ৭৭.১০ শতাংশ, মঙলদৈত ৭৮ শতাংশ, ওদালগুৰিত ৭৪.২০ শতাংশ, মাজবাটত ৭৪.৬০ শতাংশ, জাগীৰোডত ৭৭ শতাংশ, মৰিগাঁৱত ৭০.৪০ শতাংশ, লাহৰীঘাটত ৭৯ শতাংশ, ৰহাত ৭৩ শতাংশ, নগাঁৱত ৭৪.১০ শতাংশ, বঢ়মপুৰত ৭৫.১০ শতাংশ, যমুনামুখত ৬৩.৫৩ শতাংশ, হোজাইত ৬৭.১৭ শতাংশ আৰু লামডিঙত ৬৯.৫২ শতাংশ নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিছে৷

উল্লেখ্য যে যোৱা ২৭ মার্চত ৰাজ্যত ৪৭টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈ যোৱা প্রথম পর্যায়ৰ নির্বাচনত ভোটদানৰ সামগ্রিক হাৰ আছিল ৭৯.৯৩ শতাংশ৷ প্রথম পর্যায়ৰ নির্বাচনতো মহিলা আৰু যুৱ প্রজন্মৰ ভোটাৰে ব্যাপক হাৰত ভোটদান কৰিছিল৷ ৭৫.৭৯ শতাংশ পুৰুষৰ বিপৰীতে ৭৬.০৭ শতাংশ মহিলা ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল প্রথম পর্যায়ৰ নির্বাচনত৷ আজি সম্পন্ন হোৱা দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে ৰাজ্যত স্থাপন কৰা হৈছিল ১০,৫৯২টা ভোটগ্রহণ কেন্দ্র৷ পুৱাৰে পৰা এই ভোটগ্রহণ কেন্দ্রসমূহত ভোটাৰৰ লানি নিছিগা ভিৰ লাগে৷ ভোটগ্রহণ প্রক্রিয়া মুক্ত আৰু নিকাভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৩৯টা সমষ্টিতে পর্যাপ্ত নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ সমান্তৰালভাৱে ৫০ শতাংশ ভোটগ্রহণ কেন্দ্র অর্থাৎ ৫,৩১৫টাত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছিল৷ সেইদৰে ক’ভিড প্রট’কল যাতে সঠিকভাৱে বলৱৎ হয়, তাৰ প্রতি লক্ষ্য ৰাখি ভোটাৰৰ মাজত সামাজিক ব্যৱধান ৰক্ষা কৰা, ভোটগ্রহণ কেন্দ্রত মাস্ক, ছেনিটাইজাৰ আদিৰ ব্যৱস্থাও কৰা হৈছিল নির্বাচন আয়োগৰ তৰফৰ পৰা৷ তদুপৰি দিব্যাংগ আৰু বয়োজ্যেষ্ঠ ভোটাৰৰ বাবে ৰখা হৈছিল বিশেষ ব্যৱস্থা৷

দ্বিতীয় পর্যায়ৰ নির্বাচনত মুঠ ভোটগ্রহণ কেন্দ্রৰ ভিতৰত ৫৫৬টাৰ সকলো কাম–কাজ পৰিচালনা কৰে মহিলা বিষয়া–কর্মচাৰীয়ে৷ লগতে ১১৭টা ভোটগ্রহণ কেন্দ্রক আদর্শ ভোটগ্রহণ কেন্দ্র হিচাপে গঢ়ি তোলা হৈছে৷ পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ প্রক্রিয়া সন্ধিয়া ৬ বজাত অন্ত পৰাৰ লগে লগে দ্বিতীয় পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা মুঠ ৩৪৫জন প্রার্থীৰ ভাগ্য বন্দী হ’ল ই ভি এমত৷ এই প্রার্থীসকলৰ ভিতৰত শাসক–বিৰোধী উভয় শিবিৰৰে কেইবাজনো হেভীৱেইট প্রার্থী তথা ৰথী–মহাৰথী আছে৷

ইয়াৰে বিজেপিৰ উল্লেখযোগ্য ৰথী–মহাৰথীসকল হৈছে মন্ত্রী পৰিমল শুক্লবৈদ্য, পীয়ূষ হাজৰিকা, ভবেশ কলিতা, অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ, বিধায়ক বিজয় মালাকাৰ, কৃষ্ণেন্দু পাল, মিহিৰকান্তি সোম, নোমল মমিন, গুৰুজ্যোতি দাস, ৰমাকান্ত দেউৰী, ৰূপক শর্মা, শিবু মিশ্র, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, প্রাক্তন মন্ত্রী গৌতম ৰয়, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী, প্রাক্তন বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিদ্যাছিং ইংলেং, বিজেপি নেতা জিতু গোস্বামী, দিগন্ত কলিতা, বিশ্বৰূপ ভট্টাচার্য, দ্বিপায়ন চক্রৱর্তী, মিত্রদল অগপৰ ছাবিৰ আহমেদ, আজিজ আহমেদ খান, আফতাবুদ্দিন লস্কৰ, বিষ্ণু দাস, ছাদিক উল্লাহ ভূঞা, মিত্রদল ইউ পি পি এলৰ গোবিন্দ বসুমতাৰী আদি৷ সেইদৰে মহাজোঁটৰ ৰথী–মহাৰথীসকল হৈছে– কংগ্রেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, ইলিয়াছ আলী, প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদ, অজিত সিং, মিছবাহুল ইছলাম লস্কৰ, বসন্ত দাস, ছুম ৰংহাং, প্রাক্তন বিধায়ক স্বপন কৰ, শম্ভু সিং মাল্লা, কংগ্রেছ নেতা নির্মল লাংথাছা, কিশোৰ ভট্টাচার্য, প্রদ্যুৎ ভূঞা, কুলদীপ বৰুৱা, আছিফ মহম্মদ নজৰ, শান্তনু শর্মা, শশীকান্ত দাস, সুৰেশ বৰা, অংশীদাৰ দল এ আই ইউ ডি এফৰ আব্দুল আজিজ, জাকিৰ হুছেইন লস্কৰ, সুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, কৰিমউদ্দিন বৰভূঞা, মজিবুৰ ৰহমান, চি পি আইৰ মুনীন মহন্ত, চি পি আই (এম)ৰ ভগৱান দেৱমিশ্র, বি পি এফৰ মন্ত্রী ৰিহণ দৈমাৰী, চৰণ বড়ো, কৰুণাকান্ত স্বর্গীয়াৰী, দুর্গা দাস বড়ো আদি৷

বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱা শিলচৰৰ বিধায়ক তথা অসম বিধানসভাৰ প্রাক্তন উপাধ্যক্ষ দিলীপ কুমাৰ পালে এইবাৰ নির্দলীয় হিচাপে সমষ্টিটোত অৱতীর্ণ হৈছে৷ একেদৰে কংগ্রেছৰ টিকটৰ পৰা বঞ্চিত হোৱা সোণাইৰ প্রাক্তন বিধায়ক এনামুল হকেও এই নির্বাচনত নির্দলীয় হিচাপে যুঁজত নামিছে৷ সেইদৰে এইবাৰ বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱা মন্ত্রী ছুম ৰংহাং ডিফু সমষ্টিৰ পৰা কংগ্রেছ প্রার্থী হিচাপে নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ এইসকল ৰথী–মহাৰথীৰ ভিতৰত কাৰ কাৰ মুখত বিজয়ৰ হাঁহি জিলিকে, সেয়া স্পষ্ট হ’ব অহা ২ মে’ৰ ভোটগণনাৰ অন্ততহে৷

You might also like