যোৰাবাটত পালছাৰ বাইকসহ চোৰ গ্রেপ্তাৰ
নিয়মীয়া বার্তা, ৫ আগষ্টঃ যোৰাবাটৰ এঘাৰ মাইলত যোৰাবাট আৰক্ষীৰ এটা দলে অভিযান চলাই পালছাৰ বাইকসহ এজন দুর্ধর্ষ বাইক চোৰক গ্রেপ্তাৰ কৰে৷ কালি পুৱতিনিশা প্রায় তিনি বজাত মালিগাঁৱৰ মাধৱদেৱ নগৰৰ পৰা এ এছ–০১ ডি ডব্লিউ–৮৫৬৬ নম্বৰৰ পালছাৰ বাইকখন চুৰি কৰি যোৰাবাটৰ এঘাৰ মাইলত বাহৰ পাতি আছিল দুর্ধর্ষ চোৰজন৷
জিপিআৰএছ পদ্ধতিৰ জৰিয়তে যোৰাবাট আৰক্ষীয়ে চোৰজনক বাইকসহ গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত বাইক চোৰজনৰ নাম হীৰক বড়ো৷ চোৰজনৰ ঘৰ সোণাপুৰৰ বতাহঘুলিত৷ বাইকখনৰ গৰাকী বাহাৰুল আলীৰ পৰা জানিব পৰা মতে মালিগাঁৱৰ পূব মাধৱদেৱ নগৰত লকডাউন আইন উলংঘা কৰি কেইজনমান যুৱকে মদ্যপান কৰি নৈশপার্টী কৰি আছিল৷
তাৰে তিনিজন যুৱকে পুৱতিনিশা ৩মান বজাত আন্ধাৰৰ সুযোগ লৈ বাহাৰুল আলীৰ ঘৰৰ পৰা পালছাৰ বাইকখন চুৰি কৰি উধাও হয়৷ পুৱা বাইকখনৰ গৰাকী উঠি বাইকখন দেখা নোপোৱাত লগে লগে জিপিআৰএছ চেক কৰি বাইকখনৰ অৱস্থিতি যোৰাবাটৰ এঘাৰমাইল দেখুৱাত যোৰাবাট আৰক্ষীক অৱগত কৰে৷
যোৰাবাট আৰক্ষীৰ এটা দল এঘাৰ মাইলত উপস্থিত হৈ বাইকসহ চোৰজনক গ্রেপ্তাৰ কৰে যদিও আন দুজন চোৰ পলাই যাবলৈ সক্ষম হয়৷ বাইকসহ চোৰজনক আটক কৰি যোৰাবাট আৰক্ষী চকীত আনি সোধা–পোছা অব্যাহত ৰাখিছে৷