বোন্দাৰ চপাইদাঙত গভাইত চোৰ গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ বোন্দাৰ চপাইদাঙত দিন–দুপৰতে চুৰি কৰিবলৈ গৈ শুকুৰবাৰে হাতে–লোটে ধৰা পৰে এটা গভাইত চোৰ৷ ৰাইজে চোৰটোক আটক কৰি উত্তম–মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে৷ ধৃত চোৰটো সাগৰ থাপা (২০) বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রই প্রকাশ কৰা মতে, চোৰটোৱে এ এছ–০১ এ এক্স–২০২৭ নম্বৰৰ ক’লা ৰঙৰ পালছাৰ বাইকখন লৈ চপাইদাঙৰ অৰুণ বড়োৰ নির্মীয়মাণ ঘৰৰ চৌহদত প্রৱেশ কৰে৷ ঘৰত কোনো নথকাৰ সুযোগ গ্রহণ কৰি চোৰটোৱে বহু ৰড বস্তাত ভৰাই যাবলৈ লওঁতেই গৰাকীয়ে আহি হাতে–লোটে ধৰে৷
তাৰ পিছত চোৰটোক সোধা–পোছা কৰাত চুৰি কৰিবলৈ অহাটো স্বীকাৰ কৰে৷ আশ্চর্যকৰভাৱে ৰাইজৰ জেৰাত বাইকখনো জালুকবাৰীৰ পৰা চুৰি কৰি অনা বুলি স্বীকাৰোক্তি দিয়ে দুর্ধর্ষ চোৰটোৱে৷ তাৰ পিছতে আৰক্ষীৰ হাতত গতাই দিয়ে চোৰটোক৷ উল্লেখ্য যে ড্রাগ্ছ আসক্ত চোৰটোৱে ইয়াৰ পূর্বে কেইবাটাও চুৰি কাণ্ডৰ লগত জড়িত আছিল বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে৷