নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰবিলাৰ ৰাইজে শ্রমদান কৰি নির্মাণ কৰিছে পথ

দিছপুৰ সমষ্টিৰ উন্নয়নত ব্যর্থ বিধায়ক অতুল বৰা

নিয়মীয়া বাৰ্তা ২৪ আগষ্টঃ  স্বাধীনোত্তৰ সাতটা দশকতো গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা দিছপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত ডিমৰীয়া উন্নয়ন খণ্ডৰ বৰবিলাত নির্মাণ নহ’ল বাট–পথ৷ ফলত কংগ্রেছ, অগপ, বিজেপি তিনিওটা দলৰ চৰকাৰৰ চূডান্ত প্রতাৰণাৰ বলি হোৱা কামৰূপ মহানগৰ জিলাৰ বৰবিলাৰ ছয় শতাধিক পৰিয়ালে বোকা–পানী ফেনেকি যাতায়াত কৰি আহিছে৷ সমষ্টিটোৰ প্রাক্তন বিধায়ক অকণ বৰা, বর্তমানৰ বিধায়ক অতুল বৰাকবাৰম্বাৰ পথ নির্মাণৰ বাবে আবেদন–নিবেদন কৰিও কোনো সুফল লাভ নকৰা বৰবিলাৰ ৰাইজে দশক দশক ধৰি বোকা–পানীৰ মাজতেই জীৱন পাত কৰি আহিছে৷ আনকি এম্বুলেঞ্চো নহা বৰবিলাৰ ৰাইজে জৰুৰী সময়ত ৰোগীক নাও বা বাঁহৰ সাঙীত তুলি চিকিৎসালয়লৈ নিবলগীয়াত পৰে৷ পথৰ নামত অমৰাৰ পৰা ডিগাৰু পাৰ ঘাটলৈ থকা মথাউৰিটোৰ অৱস্থাও মেৰামতিৰ অভাৱত শোচনীয় হৈ পৰাত ৰাইজৰ বাবে যাতায়াত দুর্বিষহ হৈ পৰিছে৷ এনে পৰিস্থিতিত চৰকাৰ প্রশাসনৰ প্রতাৰণাত অতিষ্ঠ হৈ পৰা বৰবিলাৰ ৰাইজ শ্রমদান কৰি পথ মেৰামতিত ব্যস্ত হৈ পৰিছে৷ প্রগতিশীল যুৱ মঞ্চ, বৰবিলাৰ নেতৃত্বত স্থানীয় যুৱকসকলে হাতে হাতে কোৰ লৈ বিগত দুটা সপ্তাহে কৰি আহিছে পথৰ মেৰামতিৰ কাম৷ অমৰা বজাৰৰ পৰা ডিগাৰু পাৰ ঘাটলৈ যোৱা প্রায় ৬ কিঃমিঃ দৈর্ঘ্যৰ পথছোৱা বন্ধৰ দিনত নিজেই মেৰামতি কৰাত ব্যস্ত হৈ পৰিছে স্থানীয় যুৱকসকল৷ উল্লেখ্য যে ২০২১ চনৰ নির্বাচনৰ পূর্বে বৰবিলাৰ বাট–পথ নির্মাণ নহ’লে ভোট বর্জনৰো হুংকাৰ প্রদান কৰিছে বৰবিলাৰ ৰাইজে৷ মন কৰিবলগীয়া যে মহানগৰীৰ গাতে লাগি থকা বৰবিলাৰ ডিগাৰু নদীৰ ওপৰত চন্দ্রপুৰ–ডিমৰীয়া সংযোগী পকী দলং আৰু অমৰা বজাৰলৈ পকী পথ নির্মাণে অঞ্চলটোৰ ছয় শতাধিক পৰিয়ালৰ দুৰৱস্থাৰ অন্ত পেলাব পাৰে৷ কিন্তু তাকেই কৰিবলৈ আজিকোপতি বিধায়ক–সাংসদৰ শুভবুদ্ধিৰ উদয় নহ’ল৷

You might also like