বৰঝাৰত বিমান যাত্রীক নিৰন্তৰ সেৱা আগবঢ়াই প্রশংসা বুটলিছে স্বাস্থ্য–পৰিবহণ কর্মীয়ে
নিয়মীয়া বাৰ্তা ৭ জুনঃ লকডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক নিজ নিজ ৰাজ্যলৈ অনা–নিয়া কৰাৰ বাবে যোৱা ২৫ মে’ৰ পৰা আৰম্ভ হৈছে ঘৰুৱা বিমানৰ চলাচল৷ বিমানেৰে বহিঃৰাজ্য আৰু বহিঃৰাষ্ট্রৰ পৰা অহা লোকসকলৰ স্বাস্থ্য পৰীক্ষা, কোৱাৰেণ্টাইন শিবিৰত ৰখাকে ধৰি নিজ নিজ জিলালৈ যোৱাৰ ক্ষেত্রত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ বিমানবন্দৰত প্রৱেশৰ সময়ত প্রস্থান পথত প্রতিগৰাকী যাত্রীকে থার্মেল স্কেনাৰেৰে স্বাস্থ্য বিভাগৰ কর্মীয়ে স্বাস্থ্য পৰীক্ষাৰ পিছতহে প্রৱেশ কৰোৱাৰ লগতে বিমানবন্দৰৰ কর্মীয়ে যাত্রীৰ বেগ আৰু আন সা–সামগ্রী ছেনিটাইজ কৰি দিয়ে৷ আনহাতে, অৱতৰণ কৰা যাত্রীসকল ওলাই অহাৰ পিছত বিমানবন্দৰৰ ভিতৰতে স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু চিকিৎসাকর্মীয়ে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত বাহিৰলৈ ওলাই আহিব পাৰে৷ স্বাস্থ্য পৰীক্ষাৰ সময়ত কোনো যাত্রীৰ জ্বৰ, কাঁহ বা ক’ভিড–১৯ৰ কোনো লক্ষণ শৰীৰত দেখা যায়, তেন্তে তেনে যাত্রীক বিশেষ এম্বুলেঞ্চলৰ সহায়ত লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয়৷ বাহিৰলৈ ওলোৱাৰ পিছতে জিলা প্রশাসনকে ধৰি বিভিন্ন বিভাগৰ বিষয়া–কর্মচাৰীৰে গঠিত কেইবাটাও দলে যাত্রীসকলৰ সবিশেষ তথ্য পঞ্জীয়ন কৰে৷ ইয়াৰ পিছত পৰিবহণ বিভাগে যাত্রীসকলৰ স্কোৱাব পৰীক্ষাৰ বাবে কিৰণশ্রী গ্রেণ্ড হোটেললৈ নিয়া, পৰীক্ষাৰ পিছত নির্ধাৰিত কোৱাৰেণ্টাইন কেন্দ্রলৈ নিয়া, অন্য জিলাৰ যাত্রীসকলক নিজ নিজ জিলালৈ নিয়াৰ কাম কৰে৷ পৰিবহণ বিভাগৰ ৯খন ইলেকট্রিক বাছকে ধৰি ৩৫খন বিভিন্ন শ্রেণীৰ বাছেৰে বিগত প্রায় দুসপ্তাহত হাজাৰ হাজাৰ যাত্রীক সেৱা আগবঢ়াই আহিছে৷ কামৰূপ জিলাৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে দিনে–নিশাই বিমানবন্দৰত নিজে উপস্থিত থাকি সমগ্র কার্যৰ তদাৰক কৰি আছে৷ তদুপৰি নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্রকাশ তিৱাৰী, উপ–মহাপ্রবন্ধক কুলেন্দ্র খাটনিয়াৰ, আস্থান অধীক্ষক বিবেক পাচোৱান, ৰাজ্যিক পৰিবহণ কর্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰ বিমানবন্দৰত উপস্থিত হৈ বিষয়া–কর্মচাৰীসক উৎসাহিত কৰি আহিছে৷ আনহাতে, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, পৰিবহণ বিভাগৰ আয়ুক্ত সচিব ড০ কে কে ত্রিপাঠীকে ধৰি উচ্চপদস্থ বিষয়াসকলে বিমানবন্দৰত উপস্থিত হৈ সমগ্র কাম–কাজৰ বুজ লোৱা বুলি জানিব পৰা গৈছে৷