ডাষ্টবিনত পৰিণত মহানগৰীৰ ঐতিহাসিক বৰচলা বিল
নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ ধোৱা চাঙত পৰিণত হৈছে স্মার্ট চিটি প্রকল্প, জলাশয় উন্নয়নৰ আঁচনি৷ স্মার্ট চিটি প্রকল্পৰ অধীনত মহানগৰীৰ একাংশ জলাশয় সংৰক্ষণৰ লগতে জলাশয়সমূহৰ উন্নয়ন কৰাৰ কথা ঘোষণা কৰিছিল যদিও সেয়া ফাইলতে আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে৷ চৰকাৰ–প্রশাসনৰ আওকণীয়া মনোভাবৰ বাবেই মহানগৰীৰ জলাশয়সমূহলৈ চৰম ভাবুকি নামি আহিছে৷ প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ প্রতি লক্ষ্য ৰাখি মহানগৰীৰ জলাশয়সমূহ সংৰক্ষণৰ বাবে বিভিন্ন সময়ত চৰকাৰ প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰা বুলি সভা–সমিতিত ঘোষণা কৰি মহানগৰবাসীৰ দৃষ্টি আকর্ষণ কৰি আহিছে যদিও বাস্তৱ ক্ষেত্রত ইয়াৰ ওলোটা ছবিহে দেখা গৈছে৷
চৰকাৰৰ হেমাহিৰ বাবেই মহানগৰীৰ একাংশ জলাশয় পুতি অসাধু লোকে অট্টালিকা নির্মাণ কৰাৰ বিপৰীতে আন একাংশ জলাশয় বেদখলকাৰীৰ কবলত পৰি ক্রমাৎ সংকুচিত হৈ পৰিছে৷ একে সময়তে আন একাংশ জলাশয় চোৱা–চিতাৰ অভাৱত ডাষ্টবিনত পৰিণত হৈছে৷ বিশেষকৈ মহানগৰীৰ মাজমজিয়াত থকা বৰচলা বিল আৰক্ষী–প্রশাসনৰ চকুৰ সন্মুখতে ধ্বংস হ’বলৈ ধৰিছে যদিও এইক্ষেত্রত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ফলত বৰচলা বিলৰ বুকুত অসাধু লোকে জাবৰ পেলাই ঐতিহ্যমণ্ডিত বিলখন নিঃশেষ কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে৷ তদুপৰি বিলৰ প্রদূষিত পানীয়ে পৰিৱেশ বিনষ্ট কৰাৰ লগতে মেটেকাই চানি ধৰিছে৷ মুকলিভাৱে বিলৰ বুকুত আৱর্জনা পেলাই পৰিৱেশ বিনষ্ট কৰাৰ সমান্তৰালকৈ আন একাংশই বিলৰ পাৰত মুকলিকৈ সুৰাৰ আড্ডা পাতি সমগ্র অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে৷
স্থানীয় লোকে জানিবলৈ দিয়া মতে বিয়লি মহানগৰীৰ বিভিন্ন প্রান্তৰ পৰা অহা একাংশ যুৱকে বিলৰ পাৰত বহি মুকলিকৈ সুৰা সেৱন কৰে৷ ইয়াৰে মাজত বহু স্কুলীয়া ছাত্রও সুৰাৰ আড্ডাত মিলিত হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ ইপিনে, মেৰামতিৰ অভাৱত বিলৰ পাৰ জহি–খহি যোৱাৰ পিছতো পৰিৱর্তনকামী চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই৷ ঐতিহ্যমণ্ডিত বিলখন স্মার্টচিটিৰ অধীনত সজাই–পৰাই তোলাৰ উপৰি পর্যটনৰ ক্ষেত্র হিচাপে গঢ়ি তোলাৰ কথা আছিল যদিও এইক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণ কৰা হোৱা নাই৷ পেলনীয়া আৱর্জনাৰ উপৰি মেটেকাৰে বিলৰ বুকু ছানি ধৰাৰ পিছতো বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷ যি সময়ত অসম পর্যটন উন্নয়ন নিগমে মহানগৰীৰ ৰাজ্যৰ পর্যটন ক্ষেত্রক বিশেষ যাত্রা দিয়াৰ বাবে সততে সভা–সমিতিত ঘোষণা কৰি জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰিব বিচাৰিছে সেই সময়তে বৰচলা বিলৰ অস্তিত্ব নোহোৱা হৈ পৰাৰ উপক্রম হোৱাত সচেতন মহলত বিভিন্ন প্রশ্ণ উত্থাপিত হৈছে৷