নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনাপ্রতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নির্বাচিত বিশ্বজিৎ দৈমাৰী

নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ  অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰূপে পুনৰ নির্বাচিত হ’ল বিজেপি প্রার্থী বিশ্বজিৎ দৈমাৰী৷ সোমবাৰে আনুষ্ঠানিকভাৱে নির্বাচনৰ ৰিটার্নিং বিষয়া দুলাল পেগুৱে দৈমাৰী বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাৰ কথা ঘোষণা কৰে৷ উল্লেখ্য যে বি পি এফৰ সাংসদ ৰূপে ৰাজ্যসভাত প্রতিনিধিত্ব কৰা বিশ্বজিৎ দৈমাৰীয়ে বিটিচিৰ নির্বাচনৰ প্রাক্ক্ষণত বি পি এফৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিছিল৷ ইয়াৰ পাছতেই ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা বিশ্বজিৎ দৈমাৰীয়ে খালী হোৱা একমাত্র আসনখনৰ বাবে যোৱা ১৫ ফেব্রুৱাৰীত বিজেপিৰ প্রার্থী ৰূপে মনোনয়ন দাখিল কৰিছিল৷ একমাত্র আসনখনৰ বাবে আন কোনো প্রার্থীয়ে মনোনয়ন দাখিল নকৰাত আজি দৈমাৰীক বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাৰ কথা ঘোষণা কৰিলে ৰিটার্নিং বিষয়াই৷ উল্লেখ্য যে ইয়াৰ পূর্বে তিনিবাৰকৈ ৰাজ্যসভাৰ সাংসদ ৰূপে নির্বাচিত হৈছিল বিশ্বজিৎ দৈমাৰী৷ বি পি এফ–কংগ্রেছৰ প্রার্থী ৰূপে দুবাৰকৈ নির্বাচিত হোৱা দৈমাৰীয়ে ২০১৯ চনত তৃতীয়বাৰলৈ বিজেপি–বি পি এফ মিত্রজোঁটৰ প্রার্থী ৰূপে নির্বাচিত হৈছিল৷

You might also like