নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰ চৌহদত উদ্ভিদ উদ্যান নির্মাণঃ ৰুদ্রাক্ষৰ পুলি ৰোপণেৰে মুখ্যমন্ত্রীয়ে কৰিলে শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট: গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰ এলেকাস্থিত পুৰণি কাৰাগাৰ চৌহদত এখন উদ্ভিদ উদ্যান স্থাপনৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে ৰুদ্রাক্ষৰ পুলি ৰোপণ কৰি এই কামৰ শুভাৰম্ভ কৰে৷

দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস পালনৰ লগত সংগতি ৰাখি  ৭৫টা গছপুলি এই ভূমিত ৰোপণ কৰা হয়৷ এই কার্যসূচীত গৃহ নির্মাণ অৰু নগৰ পৰিক্রমা বিভাগৰ মন্ত্রী অশোক সিংহল, সাংসদ কুইন ওজা অৰু বিধায়ক সিদ্ধার্থ ভট্টাচার্যৰ লগতে বহুসংখ্যক গণ্য–মান্য ব্যক্তিয়ে অংশগ্রহণ কৰে৷

উল্লেখ্য যে পুৰণি কাৰাগাৰৰ ৫৬ বিঘা, ২ কঠা, ৫ লেচা ভূমিত ৩৮.৫১ কোটি টকা ব্যয়েৰে উদ্ভিদ উদ্যানৰ লগতে অন্যান্য সা–সুবিধাৰ সৃষ্টি কৰা হ’ব৷ এই প্রস্তাৱিত উদ্ভিদ উদ্যানে মহানগৰবাসীক প্রদূষণমুক্ত বায়ু সেৱনৰ দিশত বিশেষভাৱে সহায় কৰিব৷ এই উদ্ভিদ উদ্যানত ৰোপণ কৰিবলগীয়া বিভিন্ন প্রজাতিৰ উদ্ভিদ তথা ঔষধিয়ে পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশবিদসকলক প্রকৃতিৰ বিভিন্ন দিশ অধ্যয়নৰ ক্ষেত্রতো বিশেষভাৱে সহায় কৰিব৷

গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ দ্বাৰা ৰূপায়ণ কৰিবলগীয়া এই অভিলাষী উদ্ভিদ উদ্যানখনে মহানগৰবাসীক অৱসৰ বিনোদনৰ সুবিধা প্রদান কৰাৰ উপৰি বিভিন্ন প্রজাতিৰ উদ্ভিদ, পদুম পুখুৰী, খাদ্যৰ দোকান, পার্কিং ইত্যাদিৰ ব্যৱস্থা ইয়াত উপলব্ধ থাকিব৷ আজিৰ এই কার্যসূচীতে মুখ্যমন্ত্রীয়ে এক প্রেজেণ্টেচনৰ জৰিয়তে প্রকল্পটোৰ বিতং বুজ লয়৷

You might also like