নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত আবকাৰী বিষয়াই উৎকোচ লৈ এৰিলে সুৰা ব্যৱসায়ীক

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত আবকাৰী বিভাগৰ একাংশ অসাধু বিষয়াৰ ছত্রছায়াত সুৰাৰ ৰমৰমীয়া বেহা চলি আহিছে৷ অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে মাজে–সময়ে আবকাৰী বিভাগৰ বিষয়াই অভিযান চলাই আহিছে৷

কালি আবকাৰী বিভাগৰ ফ্লায়িং স্কোৱাডৰ এগৰাকী বিষয়াই সোণাপুৰৰ পুৰণি বজাৰত অভিযান চলায়৷ এই অভিযানত বৃহৎ পৰিমাণৰ সুৰাসহ বিভূতি নামৰ সুৰা ব্যৱসায়ীজনক আটক কৰে৷ অভিযানকাৰী বিষয়াজনে অবৈধ সুৰা ব্যৱসায়ী বিভূতিক আটক কৰি খানাপাৰালৈ আনে৷ খানাপাৰাত অভিযানকাৰী বিষয়াজনে সুৰা ব্যৱসায়ীজনৰ পৰা ৫০ হাজাৰ টকা ধন দাবী কৰে বুলি অভিযোগ উত্থাপিত হৈছে৷

অৱশ্যে ২০ হাজাৰ টকা উৎকোচ লৈ খানাপাৰাত সুৰা ব্যৱসায়ী বিভূতিক এৰি দিয়ে বুলি আবকাৰী বিভাগৰ ভিতৰচ’ৰাত ব্যাপক চর্চা চলিছে৷ জানিব পৰা মতে সত্যজিৎ সিং নামৰ এগৰাকী আবকাৰী বিষয়াই এই অভিযান চলাইছিল৷ অৱশ্যে সিঙে সোণাপুৰত অভিযান চলোৱা নাই বুলি জানিবলৈ দিছে৷

You might also like