নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পল্টনবজাৰ–লখৰা সংযোগী পথ–পদপথ দখলেৰে ব্যৱসায়

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ আৰক্ষী প্রশাসনক মেনেজ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে মহানগৰীৰ বিভিন্ন স্থানৰ সদাব্যস্ত পথ, পদপথ দখল কৰি ব্যৱসায় চলাই আহিছে৷ পথ পদপথ দখল কৰি ব্যৱসায় চলাই অহাৰ ফলতেই অঞ্চলবিশেষে সংঘটিত হৈছে সৰু–বৰ দুর্ঘটনা৷ ইয়াৰ উপৰি পথ–পদপথ দখল কৰি অবৈধভাৱে ব্যৱসায় চলোৱা অঞ্চলসমূহত তীব্র যান–জঁটত অতিষ্ঠ হ’বলগীয়া হৈছে জনসাধাৰণ৷ শেহতীয়াকৈ সদাব্যস্ত পল্টনবজাৰ–লখৰা সংযোগী পথৰ পথ আৰু পদপথ দখল কৰি একাংশ ব্যৱসায়ীয়ে চলাই অহাৰ ফলত উক্ত পথটোত তীব্র যান–জঁটৰ সন্মুখীন হৈ আহিছে জনসাধাৰণ৷

সদাব্যস্ত পথটোত লালগণেশৰ পৰা জ্যোতিকুছিলৈকে পথৰ দুয়োকাষে একাংশ অসাধু ব্যৱসায়ীয়ে পথ আৰু পদপথ দখল কৰি ব্যৱসায় কৰি অহাৰ ফলত যান–জঁট সৃষ্টি হোৱাৰ লগতে কেইবাটাও সৰু–বৰ দুর্ঘটনা সংঘটিত হৈছে৷ এনেদৰে সদাব্যস্ত পথটোৰ পথ আৰু পদপথ দখল কৰি ব্যৱসায় চলাই অহা ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ দক্ষিণ গুৱাহাটী আঞ্চলিক সমিতিয়ে জিলা প্রশাসনক আহ্বান জনাইছে৷ দক্ষিণ গুৱাহাটী আঞ্চলিক সমিতিৰ সভাপতি বিপুল গোস্বামীৰ নেতৃত্বত যোৱা এটা দলে মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুক শীঘ্রে এইক্ষেত্রত ব্যৱস্থা গ্রহণৰ দাবীৰে এখন স্মাৰক–পত্র প্রদান কৰে৷ সঁজাতী দলটোত উপদেষ্টা হেমন্ত দাস, কার্যালয় সম্পাদক প্রাঞ্জল দাস, প্রচাৰ সম্পাদক অশোক ৰায় উপস্থিত আছিল৷

You might also like