দুর্গাপূজাঃ গুৱাহাটী মহাগৰীত (মধ্য আৰক্ষী জিলাত) ১৪৪ ধাৰা
নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ গুৱাহাটী মহাগৰীত দুর্গাপূজা আৰু দেৱালীৰ সুযোগ লৈ উগ্রপন্থী সংগঠনে কূটাঘাতমূলক কার্যকলাপ চলোৱাৰ তথ্য লাভ কৰিছে মহানগৰ আৰক্ষীয়ে৷ চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত মধ্য আৰক্ষী জিলাত কালিৰে পৰা কার্যকৰী হোৱাকৈ ৬০ দিনৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে৷
মধ্য আৰক্ষী জিলাৰ ডিচিপি ৰাজবীৰে কালি এক নির্দেশযোগে দুমাহৰ বাবে জিলাখনত ১৪৪ ধাৰা জাৰি কৰে৷ লগতে জিলাখনৰ অধীনত থকা ভাৰাতীয়াসকলৰ তথ্যও স্থানীয় আৰক্ষীক ভাৰাঘৰৰ মালিকক জমা দিবলৈ নির্দেশ দিয়ে৷
দুর্গাপূজা আৰু দীপাৱলীৰ সুযোগ লৈ যাতে উগ্রপন্থী আৰু সমাজবিৰোধী চক্রই কোনোধৰণৰ কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰিব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি জিলাখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে৷