এজাক বৰষুণতে বোকাময় নাৰেংগী–চন্দ্রপুৰ সংযোগী পথ
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ বৃহস্পতিবাৰে বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ পিছতে কদর্যময় হৈ পৰে নাৰেংগীৰ ঘাইপথ৷ কেইমুহূর্তমানৰ বাবে অহা বৰষুণজাকৰ ফলত চন্দ্রপুৰ দিশলৈ অহা পথটোৰ এটা দিশ সম্পূর্ণৰূপে বোকাময় হৈ পৰাৰ লগে লগে পথচাৰীসকল যথেষ্ট দুর্ভোগৰ সন্মুখীন হ’বলগা হয়৷ উল্লেখ্য যে আজি বিয়লি প্রায় আঢ়ৈমান বজাত এজাক ধাৰাসাৰ বৰষুণ হয় নাৰেংগী অঞ্চলত৷ মাত্র কিছুসময়ৰ বাবে হোৱা বৰষুণজাকৰ ফলত পাহাৰৰ ধলৰ পানীয়ে নাৰেংগী গোলচক্রৰ সমীপৰ চন্দ্রপুৰৰ দিশলৈ যোৱা পথটোৰ এটা অংশত একপ্রকাৰ কৃত্রিম বানৰ সৃষ্টি হয়৷ পথৰ দাঁতিতে এটা নলা নির্মাণ কৰা আছে যদিও ধাৰাসাৰ বৰষুণজাকৰ ধলৰ পানীয়ে নলাটো ওপচাই পেলায় আৰু পথৰ দাঁতিৰ বিন্ধাৰে ওলোটাকৈ বোকা–পানী ওলাই আহে পথৰ মাজলৈ৷ ফলত পথটোৰ এটা দিশৰ প্রায় তিনিশ মিটাৰ অংশ বোকাময় হৈ পৰে৷ তাৰ পিছতে পথচাৰী আৰু বিশেষকৈ দুচকীয়া বাহন চলাচলত ব্যাঘাত জন্মে৷ অৱশ্যে পথৰ ওপৰত হোৱা পানীভাগ পুনৰ বিন্ধাৰে নলাত সোমাই পৰে যদিও বোকাভাগ ৰৈ যোৱাত বোকাময় হৈ পৰে পথটো৷ অতিকৈ পিছল হৈ পৰা পথটো পিছত স্থানীয় একাংশ ব্যৱসায়ীয়ে নিজাববীয়াকৈ বোকা পৰিষ্কাৰ কৰাৰ ব্যৱস্থা গ্রহণ কৰে৷ তেতিয়াহে পথচাৰী আৰু অন্যান্য বাহন চলাচলৰ উপযোগী হৈ পৰে পথটো৷ উল্লেখ্য যে মাত্র এটা বছৰ পূর্বে নাৰেংগীৰ পৰা বোন্দালৈ এটা ঠিকাদাৰ প্রতিষ্ঠানে দুয়োদিশৰ নলাসহ চাৰিলেনযুক্ত পথটো নির্মাণ কৰিছিল৷ কিন্তু আজি এজাক বৰষুণতে কেইবাকোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা পথটোৰ স্বৰূপ উদঙাই দিলে৷