তাপবিদ্যুৎ প্রকল্প আৱাসিক অঞ্চলত নাহৰফুটুকীৰ মুক্ত বিচৰণ
নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পৰ আৱাসিক এলেকাত পুনৰ নাহৰফুটুকীৰ মুক্ত বিচৰণৰ ঘটনাত আতংকিত হৈ পৰিছে স্থানীয় বাসিন্দা৷ বিগত ভালেমান দিন ধৰি হাবিৰে আৱৰি থকা এলেকাটোত প্রকাণ্ড প্রকাণ্ড নাহৰ ফুটুকী বিচৰণ কৰি অঞ্চলজুৰি ত্রাসৰ সৃষ্টি কৰি আহিছে যদিও আজিপর্যন্ত বন বিভাগে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ এইক্ষেত্রত অতি আতংকৰ মাজেৰে দিন অতিবাহিত কৰিছে ইয়াৰ বাসিন্দাসকলে৷ যোৱা কেইদিনত বহুকেইবাৰ বাঘে মুক্ত বিচৰণ কৰি অঞ্চলবাসীক ত্রাসিত কৰি ৰখাৰ মাজতে আজি নিশা পুনৰ প্রকাণ্ড নাহৰফুটুকী এটাই অঞ্চলটোত মুক্ত বিচৰণ কৰা দৃশ্য প্রত্যক্ষ কৰিছে স্থানীয় একাংশ আৱাসিক লোকে৷ জানিব পৰা মতে, মৰিশালিত পৰিণত প্রকল্পটোৰ আৱাসিক এলেকাৰ ৫নং কলনীত প্রকাণ্ড নাহৰফুটুকী এটা মুক্তভাৱে বিচৰণ কৰি থকা প্রত্যক্ষ কৰে স্থানীয় লোকে৷
প্রত্যক্ষদর্শীয়ে জানিব দিয়া মতে, উক্ত কলনীত প্রকাণ্ড নাহৰফুটুকীটোৱে বিচৰণ কৰি থকা অৱস্থাত মুখামুখি হয়৷ কিন্তু সৌভাগ্যবশতঃ প্রাণৰক্ষা পৰে যদিও সাহসেৰে নিজৰ ম’বাইলত আবদ্ধ কৰে প্রকাণ্ড নাহৰফুটুকীটোৰ বিচৰণৰ ভয়ংকৰ দৃশ্য৷ বিগত ২–৩ মাহ ধৰি নাহৰফুটুকী বাঘে মুক্ত বিচৰণ কৰাৰ উপৰি একাধিক পশুধন নিধন কৰাৰ পাছত বন বিভাগক বাৰম্বাৰ পিঞ্জৰা স্থাপনৰ দাবী জনাই আহিছিল অঞ্চলবাসীয়ে৷ কিন্তু কোনো ব্যৱস্থা গ্রহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ৷ ৰাইজে জানিব দিয়া মতে, খবৰ পোৱাৰ পাছত দুবাৰমান বিভাগীয় লোকে কেৱল পৰিদর্শন কৰিয়ে দায়িত্ব সমৰিছে৷ ফলত গভীৰ আতংকত দিন অতিবাহিত কৰিছে আৱাসীৰ লগতে সুৰক্ষা কর্মী আৰু নিকটৱর্তী বাসিন্দাই৷