চন্দ্রপুৰত নাহৰফুটুকীৰ আতংকত শংকিত বাসিন্দা
ডিগাৰুমুখত নাহৰফুটুকীৰ মুক্ত বিচৰণঃ কেইবাটাও পশুধনক আক্রমণ
নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ মহানগৰীৰ পার্শ্বৱর্তী চন্দ্রপুৰৰ দিগাৰুমুখত বিগত কেইবাদিন ধৰি বাঘৰ আতংকত ভুগিছে অঞ্চলবাসী৷ জানিব পৰা মতে, যোৱা এটা সপ্তাহত পাঁচটাকৈ পোহনীয়া গৰুক বাঘে আক্রমণ কৰি ঘুণীয়া কৰাৰ উপৰি একাধিক পশুধন নিধন কৰিছে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ১৯৯৯ চনৰ পৰা বন্ধ হৈ থকা চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পৰ গাতে লাগি আছে ডিগাৰুমুখ গাঁও৷ দীর্ঘদিনৰ পৰা বন্ধ হৈ থকাৰ বাবে প্রকল্প চৌহদটো সম্প্রতি অটব্য অৰণ্যৰে আৱৰি ধৰিছে৷ফলত বাঘ আৰু হৰিণা আদিৰ মুক্ত বিচৰণ ভূমি হৈ পৰিছে পৰিত্যক্ত চৌহদটো৷ স্থানীয় ৰাইজে প্রকাশ কৰা মতে, অঞ্চলটোৰ গৰু, ছাগলী আদি পোহনীয়া জন্তু নিকটৱর্তী হাবিয়নিত ঘাঁহ খাবলৈ যোৱা অৱস্থাত বাঘে আক্রমণ কৰে৷
বিগত কেইবাদিন ধৰি প্রায় দৈনিক একাধিক চৰণীয়া গৰু আক্রমণৰ বলি হৈ আছিল যদিও প্রথম অৱস্থাত অনুমান কৰিব পৰা নাছিল ৰাইজে৷ কিন্তু আজি পুনৰ এটা গৰুৰ মুখত বাঘৰ হাতোৰাৰ আক্রমণ প্রত্যক্ষ কৰি হাবিয়নিত বাঘ থকাটো নিশ্চিত হয় স্থানীয় ৰাইজ৷ ইয়াৰ উপৰি কালিৰে পৰা অঞ্চলটোৰ একাধিক পৰিয়ালৰ কেইবাটাও ছাগলী আৰু গৰু সন্ধানহীন হৈ আছে৷ আজি গৰু এটাক আক্রমণ কৰাৰ পিছতে সন্ধানহীন পশুধনকেইটা বাঘে নিধন কৰা বুলি সন্দেহ কৰিছে ফলত বাঘৰ আতংকত ত্রাসিত হৈ পৰিছে অঞ্চলবাসী৷
আনহাতে এই অঞ্চলৰ বাসিন্দাসকলে প্রকল্পটোৰ মাজেৰে থকা এটা নির্জন পথেৰে অহা–যোৱা কৰিব লগা হোৱাৰ প্রতি লক্ষ্য কৰি চলাচল কৰা লোক বাঘৰ আক্রমণৰ বলি হোৱাৰ আশংকাত অধিক শংকিত হৈ পৰিছে বাসিন্দাসকল৷ এইক্ষেত্রত সংশ্লিষ্ট বিভাগৰ ব্যৱস্থা গ্রহণৰ কামনা কৰিছে ৰাইজে৷ উল্লেখ্য যে ইয়াৰ পূর্বে বহুবাৰ প্রকল্প চৌহদত বাঘৰ মুক্ত বিচৰণ প্রত্যক্ষ কৰাৰ লগতে বহু পশুধন নিধন কৰিছিল নাহৰফুটুকীয়ে৷