নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুনমাটিত বিদ্যুতৰ খুঁটা চুৰিঃ ছজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ মহানগৰীৰ নুনমাটিত আৰক্ষীৰ জালত পৰিছে এটা বিদ্যুতৰ খুঁটা চুৰি চক্র৷ নুনমাটিৰ ছেক্টৰ–৩ৰ পৰা আৰক্ষীয়ে আজি পুৱতি নিশা বিদ্যুতৰ খুঁটা চুৰি কৰি থকা সময়তে বৃহৎ চক্রটোৰ ছজন চোৰক হাতে–লোটে গ্রেপ্তাৰ কৰে৷ ধৃত চোৰকেইটা হৈছে– আব্দুল গণি, জিয়াৰুল আলী, আফজাল হুছেইন, কামৰুজ জামান, শ্বৰীফ আলী আৰু মিঞা হুছেইন৷ আৰক্ষী সূত্রে জানিব পৰা মতে, নুনমাটিৰ ছেক্টৰ–৩ অঞ্চলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ ঠিকাদাৰ কিশোৰ বৰাই বিদ্যুতৰ খুঁটা মেৰামতিৰ কাম কৰি আছিল৷ ঠিকাদাৰজনে পথৰ দাঁতিত পেলাই থোৱা কেইবাটাও বিদ্যুতৰ খুঁটা আজি পুৱতি নিশা প্রায় চাৰি বজাত চুৰি কৰাৰ চেষ্টা কৰে৷

এখন বলেৰ’ পিক আপ ভানত বিদ্যুতৰ খুঁটাকেইটা উঠাই থকা সময়তে এজন স্থানীয় লোকে নুনমাটি আৰক্ষীক খবৰ দিয়ে৷ পাছত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ চোৰকেইটাক হাতে–লোটে কৰায়ত্ত কৰাৰ লগতে চুৰিকার্যত ব্যৱহাৰ কৰা বাহনখন জব্দ কৰে৷ উল্লেখ্য যে ধৃত চোৰকেইটাই দীর্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন স্থানৰ পৰা বিদ্যুতৰ খুঁটা চুৰি কৰি একাংশ অসাধু ঠিকাদাৰক বিক্রী কৰি আহিছিল৷ তদুপৰি চোৰকেইটাই বিদ্যুতৰ খুঁটাসমূহ চুৰি কৰি ৰাজ্যৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰা বুলি জানিব পৰা গৈছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে নুনমাটি থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like