মন্ত্রী–মুখ্য সচিবে ঘৰে ঘৰে গৈ দিয়ালে প্রতিষেধক
নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ অহা ৫ ডিচেম্বৰৰ ভিতৰত জিলাৰ প্রথম পালি ক’ভিড প্রতিষেধক লোৱা লোকৰ সংখ্যা এশ শতাংশ কৰাৰ একান্ত লক্ষ্য স্থিৰ কৰি এতিয়া কামৰূপ জিলাত মন্ত্রী, আমোলা–বিষয়া সকলোৰে চলিছে ‘হৰ ঘৰ দস্তক’ৰ অভিযান৷ স্থান ট্ৰেকিং কৰি ভোট কেন্দ্র অনুসৰি পাহাৰ পর্যন্ত বাছি উলিওৱা হৈছে৷ প্রতিষেধক ল’বলৈ বাকী থকা অথবা অনিচ্ছুক ব্যক্তিসকলক ‘কাউন্সেলিং’ কৰি প্রদান কৰা হৈছে প্রতিষেধক৷ ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পর্যায়ৰ কার্যসূচীৰ বৃহস্পতিবাৰৰ দিনটোত জিলাৰ অভিভাৱক মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে উজান বজাৰ, খাৰঘুলি এলেকাৰ কেইবাজনো ব্যক্তিৰ ঘৰে ঘৰে গৈ বুজাই–বঢ়াই ঘৰতে ক’ভিড প্রতিষেধক প্রদানৰ ব্যৱস্থা কৰে৷ মন্ত্রীজনে লগতে নিশ্চিয়তা প্রদান কৰে যে নির্ধাৰিত সময়ত দ্বিতীয় পালি প্রতিষেধকো তেওঁলোকক ঘৰতে দিয়া হ’ব৷
ইফালে জিলাখনৰ ‘হৰ ঘৰ দস্তক’ অভিযানৰ নিৰীক্ষক অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু গৃহ বিভাগৰ আয়ুক্ত–সচিব এম এছ মণিৱন্ননেও জিলাখনৰ বিভিন্ন প্রান্তত প্রতিষেধক প্রদান অভিযান অব্যাহত ৰাখিছে৷ মুখ্য সচিবগৰাকীয়ে আজি উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু আন আন বিষয়া তথা স্বাস্থ্যকর্মীৰ সৈতে নাৰেংগী, ফৰেষ্ট গেটৰ শান্তিপুৰ, কৈলাস নগৰ, সাতগাঁও আদি ঠাইৰ কেইবাগৰাকীও মানুহৰ ঘৰত গৈ প্রতিষেধক প্রদানৰ ব্যৱস্থা লয়৷ সমান্তৰালকৈ গৃহ বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে ফটাশিল, গণেশপাৰা, মানপাৰা, দতালপাৰা আদি ঠাইত প্রতিষেধক প্রদান অভিযান চলায়৷