নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলসাঁকো বিলত নিশাৰ ভিতৰতে ঘৰ সাজি বেদখল

গুৱাহাটীত ভূ–মাফিয়া ধর্মেন্দ্র–দেৱানন্দৰ্ গুণ্ডাবাহিনীৰ দপ্দপনি

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ নির্দেশত আৰক্ষীয়ে ভূ–মাফিয়া আৰু মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলাই সাত শতাধিক মাটিৰ দালালক গ্রেপ্তাৰ কৰিছিল৷ গুৱাহাটী মহানগৰীতো আৰক্ষীয়ে ৪০টাৰো অধিক মাটিৰ দালালক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰিছিল যদিও অর্ধশতাধিক মাটিৰ দালালৰ কোনো শুংসূত্রই বিচাৰি নাপালে মহানগৰ আৰক্ষীয়ে৷ গুৱাহাটীৰ দিছপুৰ, নুনমাটি থানাকে ধৰি কেইবাখনো থানাত গোচৰ থকাৰ পিছতো ৰহস্যজনক কাৰণত এই মাটিৰ দালালসকলক মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ নকৰিলে৷ মাটিৰ দালালবিৰোধী অভিযানৰ সময়ত আত্মগোপন কৰা মাটিৰ দালালে এতিয়া গুণ্ডাবাহিনী লৈ মহানগৰীৰ বিভিন্ন স্থানত পুনৰ আৰম্ভ কৰিছে অবৈধ দখল অভিযান৷ শেহতীয়াকৈ শিলসাঁকো বিলৰ চৰকাৰী ভূমি আৰু স্থানীয় লোকৰ দখলত থকা ভূমি ভয়–ভাবুকিৰে গুণ্ডাবাহিনী লৈ ধর্মেন্দ্র দলে, দেৱানন্দ পেগু ওৰফে কক, বিশ্বজিৎ পেগু, বাবা পেগু, ৰাজকুমাৰ পেগু বাহিনীয়ে নিশাৰ ভিতৰতে দখল কৰি মাটি পেলাই তর্জা বেৰৰ ঘৰ সাজিছে৷

ধর্মেন্দ্র, ককৰ গুণ্ডাবাহিনীয়ে বিগত এসপ্তাহ ধৰি দিনে–নিশাই শিলসাঁকো বিলৰ পাৰৰ ভূমি ভয়–ভাবুকিৰে বেদখল কৰি ১৭ৰ পৰা ২৫ লাখ টকাত বিক্রী কৰি আহিছে বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ৰাইজৰ অভিযোগ অনুসৰি ককৰ গুণ্ডাবাহিনীয়ে হাতত দা–কুঠাৰ, ষাঠী–জোং আৰু অবৈধ মাৰণাস্ত্র দেখুৱাই ভয়–ভাবুকিৰে মাটি দখল কৰি জাল নথি–পত্রৰে বিভিন্ন লোকক বিক্রী কৰি আহিছে৷ সংগীতম উন্নয়ন সমিতিৰ নামত ভুৱা নথি–পত্র তৈয়াৰ কৰি কক বাহিনীয়ে ১৭ৰ পৰা ২৫ লাখ টকাকৈ শিলসাঁকো বিলৰ ভূমি বিক্রী কৰি অহাৰ পিছতো বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰা নাই মহানগৰ প্রশাসন আৰু আৰক্ষীয়ে৷ উল্লেখ্য যে ধর্মেন্দ্র দলে আৰু ককৰ গুণ্ডাবাহিনীয়ে সংগীতম উন্নয়ন সমিতিৰ সদস্যসকলৰ দখলীকৃত ভূমি বেদখল কৰা সন্দর্ভত নুনমাটি থানাত যোৱা ১০ আগষ্টত এজাহাৰ দাখিল কৰিছিল৷

নুনমাটি আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে গ্রহণ নকৰাত সংগীতম উন্নয়ন সমিতিয়ে মুখ্যমন্ত্রী, গৃহ সচিব, আৰক্ষী সঞ্চালকপ্রধান, আৰক্ষী আয়ুক্তকো ন্যায় বিচাৰি পৃথকে পৃথকে অভিযোগ দাখিল কৰিছিল৷ মুখ্যমন্ত্রীয়ে মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়াৰ পিছতো মহানগৰ আৰক্ষীৰ দুর্বলতাৰ সুযোগ লৈ শিলসাঁকো বিলৰ চৰকাৰী ভূমি আৰু সংগীতম উন্নয়ন সমিতিকে ধৰি বিভিন্নজনৰ দখলীকৃত ভূমি ধর্মেন্দ্র আৰু ককৰ গুণ্ডাবাহিনীয়ে ভয়–ভাবুকিৰে দখল কৰি বিভিন্ন লোকক বিক্রী কৰি আহিছে৷ শিলসাঁকো বিলৰ ভূমি বেদখল কৰি নিশাৰ ভিতৰতে ঘৰ সাজি বিভিন্ন লোকক বিক্রী কৰি অহা ধর্মেন্দ্র আৰু ককৰ গুণ্ডাবাহিনীৰ বিৰুদ্ধে মহানগৰ আৰক্ষী আৰু জিলা উপায়ুক্তই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like