মাত্র ১৫০টা জন্তুৰে চলিছে ৰাজ্যিক চিৰিয়াখানা
নিয়মীয়ী বাৰ্তা ২ মাৰ্চঃ অসম ৰাজ্যিক চিৰিয়াখানাক একাংশ বিষয়াই ধ্বংসৰ গৰাহলৈ ঠেলি দিছে৷ নীতিবহির্ভূতভাৱে এটাৰ পিছত আনটো জন্তু বহিঃৰাজ্যৰ বণিয়াক গতাই দি অহাৰ বিপৰীতে ডি এফ অ’ৰ দায়িত্বত থকা তেজস্ব মাৰিস্বামীয়ে গোপনে বন্যপ্রাণীৰ চোৰাং বেহা চলাই আহিছে৷ ইয়াৰ পিছতো ৰাজ্যৰ বন বিভাগে বিষয়াজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷ এই অভিযোগ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ৷
দিছপুৰ প্রেছ ক্লাবত এক সংবাদ মেলত মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই এই অভিযোগ উত্থাপন কৰি কয় যে বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ ছত্রছায়াত ডি এফ অ’গৰাকীয়ে যোৱা চাৰিটা বছৰত চিৰিয়াখানাৰ বহু জন্তু গোপনে বহিঃৰাজ্যলৈ সৰবৰাহ কৰি চিৰিয়াখানাৰ গৰালসমূহ একপ্রকাৰ খালী কৰি পেলাইছে৷ তথ্যসহকাৰে মঞ্চই এই বিষয়ে বনমন্ত্রীক অৱগত কৰোৱাৰ পিছতো মন্ত্রীগৰাকীয়ে বিষয়াজনক সুৰক্ষা প্রদান কৰি আহিছে৷
ইপিনে, চিৰিয়াখানা সন্দর্ভত শেহতীয়াকৈ বনমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা বক্তব্যক গোকাট মিছা বুলি বৈশ্যই মন্তব্য কৰে৷ তেওঁ কয় যে বনমন্ত্রীগৰাকীয়ে নিজৰ দুষ্কার্য ঢ়াকিবলৈ মিছাৰ আশ্রয় লৈ ৰাইজক বিপথে পৰিচালিত কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে৷ সংবাদ মেলত চিৰিয়াখানাত ইতিমধ্যে সংঘটিত হোৱা কেলেংকাৰিৰ অভিযোগ সন্দর্ভত কেইবাটাও প্রশ্ণ উত্থাপন কৰি বনমন্ত্রী পৰিমল শুক্লবৈদ্যক মুকলি প্রত্যাহান জনায় মঞ্চৰ সম্পাদক বৈশ্যই৷
তেওঁ লগতে কয় যে যদিহে মন্ত্রীগৰাকীৰ সৎসাহস আছে, তেন্তে মঞ্চৰ প্রতিনিধিেেৰ মুকলিভাৱে আলোচনাত মিলিত হৈ চিৰিয়াখানাৰ দুর্নীতি সন্দর্ভত স্পষ্টভাৱে প্রকাশ কৰক৷ মাত্র ১৫০টা জন্তুৰে চিৰিয়াখানা চলি থকাৰ পিছতো বন বিভাগৰ দৃষ্টিগোচৰ হোৱা নাই বুলি তেওঁ ক্ষোভ প্রকাশ কৰে৷ আজিৰ সংবাদ মেলত মঞ্চৰ সভাপতি দীপক কুমাৰ পাঠককে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে৷