নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত অসম্পূর্ণ কোটিটকীয়া পানী যোগান আঁচনিঃ খোৱাপানীৰ নাটনিক লৈ উদ্বিগ্ন নাগৰিক

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ  মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে চৰকাৰে ৰাজকোষৰ ধন ব্যয় কৰি কেইবাটাও পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰিছে যদিও একাংশ আঁচনিৰ কাম আজিও সম্পন্ন হোৱা নাই৷ ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি গুৱাহাটী মহানগৰীত ৪টাকৈ বৃহৎ পানী যোগান প্রকল্পৰ কাম আৰম্ভ কৰিছে যদিও এই প্রকল্পসমূহ সম্পূর্ণ হৈ উঠা নাই৷ তাৰ বাবে গুৱাহাটী মহানগৰবাসীয়ে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷  গুৱাহাটী প্রেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি নাগৰিক সমাজে উদ্বিগ্ণতা প্রকাশ কৰি এইক্ষেত্রত অসম চৰকাৰ তথা গুৱাহাটী উন্নয়ন মন্ত্রী সিদ্ধার্থ ভট্টাচার্য চূড়ান্ত ব্যর্থ হোৱা বুলি অভিযোগ কৰে৷ সংবাদ মেলত অসম গেছ আৰু এইজিচিএলৰ তদানীন্তন সঞ্চালক অভিজিৎ মজুমদাৰে কয় যে চৰকাৰে ৰাজকোষৰ ৩৬০০ কোটি টকা ব্যয় কৰি গুৱাহাটী মহানগৰীত ইতিমধ্যে চাৰিটা বৃহৎ পানী যোগান প্রকল্পৰ কাম আৰম্ভ কৰিছে৷

দীর্ঘদিন ধৰি পানী যোগান আঁচনিকেইখনৰ কাম চলি আছে যদিও আজিকোপতি এই প্রকল্পসমূহৰ কাম সম্পূর্ণ হোৱা নাই৷ মহানগৰবাসীক শীঘ্রে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰ প্রশাসনে ঘোষণা কৰি আহিছে যদিও সেয়া অসাৰ প্রতিপন্ন হৈছে৷ পশ্চিম গুৱাহাটী পানীযোগান আঁচনিৰ জৰিয়তে সংশ্লিষ্ট অঞ্চলত বসবাস কৰা লাখ লাখ পৰিয়ালক সংযোগ দিয়াৰ বাবে মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই পদক্ষেপ গ্রহণ কৰিছে যদিও সেয়া আজিও সম্পন্ন হৈ উঠা নাই৷ তদুপৰি আজিকোপতি বিভাগীয় কর্তৃপক্ষই ৱাটাৰ জেনেৰেটৰী ব’ড গঠন কৰিব পৰা নাই বুলিও অভিযোগ কৰে৷ যদিহে ৱাটাৰ জেনেৰেটৰী ব’ড গঠন কৰা নহয় তেন্তে মহানগৰবাসীক পানী যোগান ধৰা কোনোকালেই সম্ভৱ হৈ নুঠিব বুলিও তেওঁ উল্লেখ কৰে৷

ইফালে, এই সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগৰিক সমাজৰ তৰফৰ পৰা এখন ৰাজহুৱা স্বার্থজনিত আবেদন দাখিল কৰা হৈছিল৷ উক্ত ৰাজহুৱা স্বার্থজনিত আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি এক জাননী জাৰি কৰে৷ অৱশ্যে এই আবেদনৰ শুনানি কেতিয়া গ্রহণ কৰা হ’ব সেই সন্দর্ভত ন্যায়ালয়ে সঠিক সময় নির্ধাৰণ কৰা নাই বুলিও তেওঁ জানিবলৈ দিছে৷ আজিৰ সংবাদমেলত আয়কৰ বিভাগৰ অৱসৰপ্রাপ্ত আয়ুক্ত ভবেন চন্দ্র মেধি, জ্যেষ্ঠ চার্টার্ড একাউণ্টেণ্ট অশোক আগৰৱালা, প্রাক্তন বিধায়ক হিৰণ্য বৰা আৰু জলব’ডৰ প্রাক্তন মুখ্য অভিযন্তা সত্যৰঞ্জন শর্মাকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে৷

You might also like