নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্রেছ ক্লাবত কর্তব্যৰত মহিলা সাংবাদিকক অপদস্থঃ ঘটনাৰ উচিত তদন্ত–দোষীক শাস্তিৰ দাবীত প্রতিবাদ

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ  গুৱাহাটী প্রেছ ক্লাবত অলপতে এগৰাকী কর্তব্যৰত মহিলা সাংবাদিকক অপদস্থ কৰাৰ বিৰুদ্ধে  গুৱাহাটী প্রেছ ক্লাবত জেণ্ডাৰ কাউঞ্চিল, জার্নেলিষ্ট ইউনিয়ন অৱ আছামৰ উদ্যোগত এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰা সাংবাদিকসকলে দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে৷ প্রেছ ক্লাবৰ সন্মুখত গ্রহণ কৰা এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি জ্যেষ্ঠ সাংবাদিক তথা জেণ্ডাৰ কাউন্সিল, জার্নেলিষ্ট ইউনিয়ন অৱ আছামৰ সভাপতি ছেমিম চুলতানা আহমেদে মহিলা সাংবাদিকৰ নিৰাপত্তা আৰু ন্যায় প্রাপ্তিৰ দাবী উত্থাপন কৰে৷

জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয় যে কর্তব্যৰত অৱস্থাত এগৰাকী মহিলা সাংবাদিকক অপদস্থ কৰা দুর্ভাগ্যজনক৷ সেয়েহে এই ঘটনাক তীব্র গৰিহণা দিয়াৰ লগতে আৰক্ষীক উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনায়৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি ‘জেইউএ’ৰ ৰাজ্যিক সভাপতি আৰু ইণ্ডিয়ান জার্নেলিষ্ট ইউনিয়নৰ ৰাষ্ট্রীয় সভাপতি গীতার্থ পাঠকে এই ঘটনাক গৰিহণা দিয়াৰ লগতে কর্তব্যৰত সাংবাদিকৰ অধিকাৰ খর্ব কৰা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণৰ দাবী জনায়৷

ইপিনে নির্যাতনৰ বলি হোৱা আমাৰ অসম কাকতৰ সাংবাদিক নিপা কাকতিয়ে এই ঘটনাৰ উচিত তদন্ত দাবী কৰি দোষীক কৰায়ত্ত কৰাৰ দাবী তোলে৷ লগতে কোনো কর্তব্যৰত সাংবাদিক যাতে এনে ঘটনাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে ব্যৱস্থা গ্রহণৰ আহ্বান জনায়৷ প্রতিবাদী কার্যসূচীত ‘জেইউএ’ৰ উপ–সভাপতি পলাশ ৰঞ্জন বৰা, জেণ্ডাৰ কাউন্সিলৰ সাধাৰণ সম্পাদক সুস্মিতা গোস্বামীকে ধৰি কেইবাগৰাকীও সাংবাদিকে বক্তব্য আগবঢ়াই দোষীক কৰায়ত্ত কৰাৰ দাবী তোলে৷

উল্লেখ্য যে যোৱা ১৭ জানুৱাৰীত গুৱাহাটী প্রেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত উদ্যোক্তাসকলক প্রশ্ন কৰাৰ বাবে সাংবাদিক নিপা কাকতিক নিজকে হিন্দী চিনেমাৰ পৰিচালক হিচাপে পৰিচয় দিয়া উমা শংকৰ শ্বাহ (৪০) আৰু প্রডাকচন মেনেজাৰ প্রাঞ্জল কুমাৰ গগৈয়ে অপদস্থ কৰিছিল৷ ঘটনা সন্দর্ভত সাংবাদিকগৰাকীয়ে পাণবজাৰ মহিলা থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ১৬/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযুক্ত দুজনক গ্রেপ্তাৰ কৰে যদিও পুনৰ অভিযুক্তদ্বয়ৰ জামিন মঞ্জুৰ কৰে৷

You might also like