মহানগৰীৰ পূৱ শৰণীয়া আৰু ধীৰেণপাৰাৰ নিৰ্দিষ্ট এলেকাক কণ্টেইনমেণ্ট জ’ন ঘোষণা
নিয়মীয়া বাৰ্তা, ২ জুনঃ মহানগৰীৰ পূৱ শৰণীয়া আৰু ধীৰেণপাৰাৰ নিৰ্দিষ্ট এলেকাক কণ্টেইনমেণ্ট জ’ন ঘোষণা প্ৰশাসনৰ। নতুনকৈ ধৰা পৰিছিল ক’ৰোনা আক্ৰান্ত ৰোগী। তাৰ পিছতেই কণ্টেইনমেণ্ট জ’ন ঘোষণা। প্ৰশাসনৰ অনুমতি নোহোৱাকৈ অঞ্চলদুটাৰ পৰা ওলাব নোৱাৰিব কোনো লোক। মুম্বাইৰ পৰা অহা এবছৰীয়া সন্তানসহ এগৰাকী মাতৃ ধীৰেণপাৰাত আক্ৰান্ত হৈছে আৰু পূৱ শৰণীয়াত কোৱাৰেণ্টাইনত থকা এজন লোক আক্ৰান্ত হৈছে ক’ৰোনাত।
আনহাতে কণ্টেইনমেণ্ট জ’নৰ পৰা মুকলি ভূতনাথৰ বিহাৰীপট্টি আৰু বিষ্ণুপুৰ। ১৯ মেত এই অঞ্চলদুটাক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছিল প্ৰশাসনে।