নীৰ নির্মল পৰিযোজনাৰ নামত দুর্নীতি, ১৭২খনৰ ভিতৰত মাত্র ৫খন গাঁৱতহে পানী যোগান
নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ নীৰ নির্মল পৰিযোজনাৰ অধীনত বিশ্ব বেংকৰ পুঁজিৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে নির্মাণ কৰা পানী যোগান প্রকল্পসমূহ আজিও সম্পূর্ণ হৈ উঠা নাই৷ বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে কামৰূপ, যোৰহাট, হাইলাকান্দি, শিৱসাগৰ, মৰিগাঁও, বঙাইগাঁৱকে ধৰি কেইবাখনো জিলাত নীৰ নির্মল পৰিযোজনাৰ অধীনত শ শ কোটি টকা ব্যয়েৰে পানী যোগান প্রকল্প নির্মাণৰ আঁচনি লোৱা হৈছিল৷
কিন্তু জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু ঠিকাদাৰী প্রতিষ্ঠানৰ লুণ্ঠনৰ বাবে আজিও এই পানী যোগান প্রকল্পকেইটা সম্পূর্ণ হৈ উঠা নাই৷ উদাহৰণস্বৰূপে চন্দ্রপুৰত ২৬৮.৭৬ কোটি টকা ব্যয়েৰে নীৰ নির্মল পৰিযোজনাৰ অধীনত এখন অভিলাষী পানী যোগান আঁচনি গ্রহণ কৰা হৈছিল৷ এই আঁচনিখনৰ অধীনত ১৬খন পঞ্চায়তৰ অধীনস্থ ১৭২খন গাঁৱৰ ৰাইজক ২৪ ঘণ্টাই পানী যোগান ধৰাৰ কথা আছিল৷ চন্দ্রপুৰ অঞ্চলৰ ৪২খন গাঁও আৰু ডিমৰীয়া অঞ্চলৰ ১৩০খন গাঁৱৰ ৩৯,২২৯টা পৰিয়ালক পানী যোগান ধৰাৰ লক্ষ্য স্থিৰ কৰিছিল৷
কিন্তু জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু ঠিকাদাৰী প্রতিষ্ঠানৰ লুণ্ঠনৰ বাবেই এই আঁচনিখন সম্পূর্ণ হৈ নুঠিল৷ আঁচনিখন সম্পূর্ণ নৌহওঁতেই চৰকাৰে বাহ্ বাহ্ ল’বলৈ পানী যোগান প্রকল্পটো মুকলি কৰি দিয়ে৷ এই প্রকল্পটোৰ অধীনত ১৭২খন গাঁৱত পানী যোগান ধৰাৰ কথা আছিল যদিও বর্তমান মাত্র চন্দ্রপুৰ অঞ্চলৰ ৫খন গাঁৱৰ ৰাইজেহে মাজে সময়ে পানী লাভ কৰি আহিছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তত্ত্বাৱধানত নির্মীয়মাণ পানী যোগান প্রকল্পটোৰ ঠিকা লাভ কৰিছিল এমআইএছ–শিৱম–জিডি নামৰ ঠিকাদাৰী প্রতিষ্ঠানে৷
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰী আৰু ঠিকাদাৰী প্রতিষ্ঠানৰ লুণ্ঠনৰ বাবেই প্রকল্পটো এতিয়াও সম্পূর্ণ হৈ নুঠাৰ অভিযোগ উত্থাপন হৈছে৷ এই পানী যোগান প্রকল্পটোৰ বাবে বিশ্ব বেংকে ৫০ শতাংশ ঋণ প্রদান কৰিছিল৷ কেন্দ্রীয় চৰকাৰে ৰাষ্ট্রীয় গ্রাম্য খোৱাপানী আঁচনিৰ অধীনত ৪৪.৫ শতাংশ ধন, ৰাজ্য চৰকাৰে ৪.৫ শতাংশ ধন প্রদান কৰিছিল৷
জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান প্রকল্পটো নির্মাণৰ বাবে সম্পূর্ণ ধন লাভ কৰাৰ পিছতো প্রকল্পটো আজিও সম্পূর্ণ নহ’ল৷ ৰাজ্য চৰকাৰে এই প্রকল্পটো নির্মাণৰ দায়িত্বত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু ঠিকাদাৰী প্রতিষ্ঠানৰ বিৰুদ্ধে চৰজমিন তদন্ত কৰিলেই প্রকল্পটো ৰূপায়ণৰ নামত সংঘটিত দুর্নীতি ফাদিল হ’ব৷