নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতে বছৰি হেৰুৱায় ১০৩০ কোটি ডলাৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ বহুদেশীয় কোম্পানী আৰু পুঁজিপতিয়ে কৰফাঁকি দিয়া বাবে বছৰে ভাৰতে হেৰুৱাই আছে ১,০৩০ কোটি মার্কিন ডলাৰ৷ বিশ্বৰ অনেক দেশেও এই কৰফাঁকিৰ বাবে বছৰি হেৰুৱাইছে ৪২,৭০০ কোটি মার্কিন ডলাৰ৷ আন্তর্জাতিক নেটৱর্কৰ আধাৰত স্বতন্ত্র গৱেষণা সংস্থা ‘দ্য টেক্স জাষ্টিচ নেটৱর্ক’–এ প্রথমবাৰৰ বাবে অধ্যয়ন চলাই প্রকাশ কৰা প্রতিবেদনত দেশসমূহে বহুদেশীয় কোম্পানী আৰু পুঁজিপতিয়ে কৰফাঁকি দিয়া বাবে হেৰুৱাবলগীয়া কৰৰ তথ্য পোহৰলৈ আহিছে৷

টেক্স জাষ্টিচ নেটৱর্কে প্রকাশ কৰা প্রতিবেদনত ভাৰতে বছৰি ১,০৩০ কোটি মার্কিন ডলাৰ কৰ হেৰুৱাবলগীয়া হৈছে৷ বহুজাতিক কোম্পানীসমূহে কৰ প্রদানৰ ক্ষেত্রত কৰা অনিয়ম আৰু দেশৰ পুঁজিপতিয়ে কৰফাঁকিৰে বিদেশত বিনিয়োগ কৰি থকা বাবে দেশে হেৰুৱাবলগীয়া হৈছে সহস্রাধিক কোটিৰ কৰ৷ বহিঃদেশত প্রত্যক্ষ বিদেশী বিনিয়োগৰ (অ’ এফ ডি আই) বাবে ভাৰতে বৃহৎ পৰিমাণৰ কৰ হেৰুৱাই আছে৷

এনে কৰ হেৰুওৱাৰ পৰিমাণ হৈছে মুঠ হেৰুওৱা কৰৰ ৬৬ শতাংশ৷ দেশৰ পুঁজিপতি আৰু বহুজাতিক কোম্পানীয়ে অনিয়মেৰে মৰিছাছ, ছিংগাপুৰ আৰু নেদাৰলেণ্ডত অধিক ধন বিনিয়োগ কৰি আছে৷ যাৰ বাবে ভাৰতে হেৰুওৱা সহস্রাধিক কোটি টকাৰ ভিতৰত এই তিনি দেশ ক্রমে মৰিছাছত ২৩.৬ শতাংশ, ছিংগাপুৰত ১৭.২ শতাংশ আৰু নেদাৰলেণ্ডত ১১.২ শতাংশ কৰ আছে৷ ভাৰতে হেৰুওৱা ১,০৩০ কোটি মার্কিন ডলাৰৰ ভিতৰত ১,০১১ কোটি মার্কিন ডলাৰ হৈছে আন্তর্জাতিক কৰ৷

বাকী ২০২.১৫ নিযুত মার্কিন ডলাৰ ব্যক্তিগত লোকে বিদেশত বিনিয়োগ কৰা ধনৰ কৰ৷ চৰকাৰৰ তথ্য মতে, ক’ভিড–১৯ মহামাৰীৰ বাবে এপ্রিল–জুলাই মাহত ভাৰতৰ পৰা অ’ এফ ডি আই নিম্নগামী হৈছে৷ এই সময়ছোৱাত ৫৭ কোটি মার্কিন ডলাৰৰ কৰ হেৰুৱাইছে৷ বিগত বর্ষত এই সময়ছোৱাত ১১১ কোটি মার্কিন ডলাৰৰ কৰ হেৰুৱাইছিল দেশে৷ লক্ষণীয় যে ভাৰত চৰকাৰে কৰফাঁকি ৰোধৰ ক্ষেত্রত বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে যদিও আন্তর্জাতিক কৰ আৰু পুঁজিপতিয়ে বিদেশত বিনিয়োগ কৰা ধনৰ কৰফাঁকিক প্রতিৰোধ কৰিব পৰা নাই৷

গুৰুত্বপূর্ণ যে ভাৰতে হেৰুওৱা কৰৰ ধনৰ পৰিমাণ বিগত ১০ বছৰৰ মুঠ জি ডি পিৰ ০.৪১ শতাংশ৷ আনপিনে, টি জে এনৰ প্রতিবেদন মতে গ্রেট ব্রিটেইনে ৪২.৪৬ বিলিয়ন মার্কিন ডলাৰ, নেদাৰলেণ্ডছে ৩৬.৩৭ বিলিয়ন মার্কিন ডলাৰ, আমেৰিকা যুক্তৰাষ্ট্র ২৩.৩৬ বিলিয়ন মার্কিন ডলাৰ, লুক্সেমবার্গ ২৭.৬০ বিলিয়ন মার্কিন ডলাৰ, হংকঙে ২১.০৪ বিলিয়ন মার্কিন ডলাৰ, চীনে ২০.০৪ বিলিয়ন মার্কিন ডলাৰৰ কৰ হেৰুৱাইছে৷

You might also like