ক’ভিড যুঁজাৰুক চালকৰ অনুজ্ঞাপত্র প্রদান
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ বুধবাৰে জিলা পৰিবহণ বিষয়া কার্যালয় চৌহদত থকা হোণ্ডা ড্রাইভিং এডুকেচন চেণ্টাৰত শিকাৰু চালকৰ অনুজ্ঞাপত্র প্রদান কার্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ মাংগলিক কার্যৰ মাজেৰে কার্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) উপ–ধীক্ষক ডাঃ উজ্জ্বল শর্মাই৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰি জিলা পৰিবহণ বিষয়া গৌতম দাসে কয়, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিধানসভাত গাড়ী চালনাৰ অনুজ্ঞাপত্র প্রদান ব্যৱস্থাটো সৰল কৰিবলৈ আৰু দৰকাৰ হ’লে তেওঁলোকক মিঠাই খুৱাবলৈ জিলা পৰিবহণ বিষয়াসকলক দিয়া আহ্বানৰ বিষয়টো আলোকপাত কৰি চিকিৎসককে ধৰি স্বাস্থ্যসেৱাৰ লগত জড়িতসকলৰ বাবে অহা ৩১ আগষ্টলৈ ১০জনকৈ শিক্ষার্থীক দৈনিক শিকাৰু চালকৰ অনুজ্ঞাপত্র প্রদান কৰা হ’ব বুলি ব্যক্ত কৰে৷
তেনেদৰে জি এম চি এইচৰ কনিষ্ঠ চিকিৎসক সন্থাৰ সাধাৰণ সম্পাদক ডাঃ অচিন্ত পেগু, কর্মকর্তা ক্রমে ডাঃ ৰঞ্জিত ৰাউত, ডাঃ নয়নমণি শর্মা, ডাঃ উপাসনা কলিতা, ডাঃ তৃষ্ণা মেধি, গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ উপাধ্যক্ষ মুকুটা ডেকা, জনসম্পর্কৰক্ষী বিষয়া সনাতন দাসে সভাত ভাগ লৈ চমু ভাষণত ক’ভিড যুদ্ধৰ সেনানীসকলক বাহন চালনাৰ অনুজ্ঞাপত্র প্রদানৰ বাবে এনেধৰণৰ বিশেষ পদক্ষেপ গ্রহণ কৰিবৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ সভাত সমাজকর্মী আনন্দ চৌধুৰী, কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া আৰু আঞ্চলিক পৰিবহণ প্রাধিকৰণৰ সচিব ৰফিকুল ইছলাম, জ্যেষ্ঠ যান–বাহন পৰিদর্শকদ্বয় কানাই মহন্ত আৰু জয়সিং ৰংফাৰ, প্রৱর্তক পৰিদর্শক মৰমী পাঠক উপস্থিত থাকে৷ সভাত উপস্থিত কেইবাজনো আবেদনকাৰী কনিষ্ঠ চিকিৎসকে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে ৷
উল্লেখ্য যে অহা ৩১ আগষ্টলৈ প্রতিদিনে চিকিৎসকসহ স্বাস্থ্যসেৱাৰ লগত জডিতসকলৰ ভিতৰত ১০জনক শিকাৰু চালনাৰ অনুজ্ঞাপত্র প্রদান কৰা হ’ব৷ তাৰ পাছত পৰৱর্তী সময়ত নির্দিষ্ট সময়ৰ ভিতৰতে তেওঁলোকক জি এম চি এইচ চৌহদত যান–বাহন পৰিদর্শকে বাহন চালনাৰ পৰীক্ষা কৰি মূল অনুজ্ঞাপত্র প্রদান কৰিব৷ ইয়াৰ পূর্বে যোৱা ২ আগষ্টৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হোৱা ১৮ বছৰ ঊর্ধ্বৰ ২৫জনকৈ শিক্ষার্থীক শিকাৰু অনুজ্ঞাপত্র প্রদান কৰি অহা হৈছে ৷