পৌৰ নিগমৰ বজাৰত কাইলৈৰ পৰা ক’ভিড পৰীক্ষাৰ অভিযান
নিয়মীয়া বাৰ্তা, ২৫ মেঃ মহানগৰীৰ ঘৰে ঘৰে ক’ভিড পৰীক্ষা অভিযান চলোৱাৰ সমান্তৰালকৈ বজাৰসমূহতো ক’ভিড পৰীক্ষা কৰোৱাৰ এক ব্যাপক কার্যসূচী গ্রহণ কৰিছে জিলা প্রশাসনে৷ অহা ২৬ মে’ৰ পৰা কার্যকৰী কৰিবলগীয়া এই অভিযান সম্পর্কে বিতংভাৱে আলোচনা কৰিবলৈ সোমবাৰে জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত উপায়ুক্ত বিশ্বজিৎ পেগুৱে জিলাখনৰ বজাৰ সমিতিসমূহৰ বিষয়ববীয়াৰ লগত এখন সভা অনুষ্ঠিত কৰে৷
বশিষ্ঠ চাৰিআলি, ছয়মাইল, ছুপাৰমার্কেট, গণেশগুৰি, নাৰেংগী, বোন্দা, নুনমাটি, বামুণীমৈদাম, চানমাৰি, শিলপুখুৰী, উজানবজাৰ, পল্টনবজাৰ, উলুবাৰী, গান্ধীবস্তি, ভঙাগড়, কালাপাহাৰ, লখৰা, কটাবাৰী, ফটাশিল আমবাৰী, মাছখোৱা, ফাঁচীবজাৰ, শান্তিপুৰ, ভৰলুমুখ, কুমাৰপাৰা, আঠগাঁও, পামহি, বৰগাঁও, জালুকবাৰী, পাণ্ডু, বৰাবজাৰ, মালিগাঁও, চাটুলগেট, আদাবাৰী, গোশালা, আদাবাৰী তিনিআলি আজি বজাৰ সমিতিসমূহৰ সভাপতি–সম্পাদকে অংশগ্রহণ কৰা এই সভাত বিষয়ববীয়াসকলক কাইলৈৰ ভিতৰত সংশ্লিষ্ট চলোৱা এই অভিযানত সমিতিৰ সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে৷
মানৱ জাতিৰ এই বিপর্যয়ৰ বেলিকা বৃহত্তৰ স্বার্থত সকলোৱে ক’ভিড টেষ্ট কৰোৱা উচিত বুলি মন্তব্য কৰি উপায়ুক্তই কয় যে প্রথম অৱস্থাত চিনাক্ত হ’লে ক’ভিডৰ পৰা সোনকালে আৰোগ্য লাভ কৰিব পাৰি৷ তেওঁ লগতে দোকান–বজাৰ খোলা সময়খিনিত হেণ্ড গ্ল’ভছ, মাস্ক পৰিধান কৰাৰ উপৰি ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আৰু শাৰীৰিক ব্যৱধান কঠোৰভাৱে মানি চলিবলৈ ক্রেতা আৰু বিক্রেতা উভয়পক্ষকে অনুৰোধ কৰে৷ অতিৰিক্ত উপায়ুক্ত নৰেন দাস, শর্মিষ্ঠা বৰা, গুণজিৎ ৰায় চৌধুৰীৰ উপৰি চক্র বিষয়াসকল আৰু যোগান বিভাগৰ কেইবাজনো কর্মচাৰীয়ে এই সভাত অংশগ্রহণ কৰে৷