নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন মহানগৰীত অপৰাধী চক্রৰ টিঘিলঘিলনি; দুদিনত ৪ জাঁই সক্রিয় গুলীসহ দুজনক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, ৮ মে’ : বিশ্বজুৰি ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ ইতিমধ্যে ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ বিশ্বৰ ২,৬৮,০৪৭ জন লোকৰ মৃত্যু হৈছে৷ সর্বগ্রাসী ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে বিশ্বৰ শতাধিক দেশৰ লগতে ভাৰতবর্ষতো চৰকাৰে দীঘলীয়া লকডাউন ঘোষণা কৰি নাগৰিকৰ সহযোগিতা কামনা কৰিছে৷

তৃতীয় পর্যায়ৰ লকডাউনৰ সময়ছোৱাত মহানগৰীত ক্রমাৎ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা৷ জনসমাগম সেৰেঙা হোৱাৰ সুযোগ গ্রহণ কৰি অপৰাধী চক্রই চুৰি–ডকাইতি, হত্যা, হিংসা, নিষিদ্ধ ড্রাগ্ছ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে৷ ইয়াৰ সমান্তৰালকৈ অবৈধ মাৰণাস্ত্র সৰবৰাহকাৰী চক্র লকডাউনৰ সময়ছোৱাত সক্রিয় হৈ উঠা পৰিলক্ষিত হৈছে৷

বিশেষকৈ যোৱা দুদিনত মহানগৰীত আৰক্ষীয়ে চাৰিটাকৈ সক্রিয় গুলী উদ্ধাৰ কৰাৰ লগতে দুজন লোকক গ্রেপ্তাৰ কৰে৷ অৱশ্যে আৰক্ষীয়ে ৪জাঁই সক্রিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও আৰক্ষীয়ে কোনো মাৰণাস্ত্র জব্দ কৰা নাই৷ কালি ৰুক্মিণীগাঁৱৰ পৰা দুই জাঁই সক্রিয় গুলীসহ শিৱসাগৰৰ বিকি গগৈ নামৰ এজন যুৱকক গ্রেপ্তাৰ কৰাৰ পাছতেই পুনৰ বৃহস্পিতবাৰে পাণবজাৰ আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনৰ সমীপৰ পৰা ৯ এমএম পিষ্টলৰ দুই জাঁই সক্রিয় গুলী জব্দ কৰাৰ লগতে এজন যুৱকক গ্রেপ্তাৰ কৰে৷ ধৃত যুৱকজন উত্তৰ প্রদেশৰ হাথৰাজ জিলাৰ ৰবি শর্মা বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে পাণবজাৰ আৰক্ষীয়ে অভিযান চলাই গুৱাহাটী ৰে’ল ষ্টেচনৰ পার্কিং এৰিয়াৰ পৰা আজি দিনৰ প্রায় ১১.৪৫ বজাত ঘূৰি ফুৰা প্রত্যক্ষ কৰি আৰক্ষীয়ে সোধা–পোছা কৰে৷ সোধা–পোছাৰ সময়তে আৰক্ষীয়ে যুৱকজনৰ পৰা দুই জাঁই সক্রিয় গুলী উদ্ধাৰ কৰে৷ ঘটনা সন্দর্ভত পাণবজাৰ আৰক্ষীয়ে ২৫৭/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like