কৃত্রিম বানৰ নামত বছৰি শ শ কোটিৰ অপচয়
নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: গুৱাহাটী মহানগৰীত কৃত্রিম বান সমস্যাই ভয়াৱহ ৰূপ লৈছে৷ কৃত্রিম বান সমস্যা সমাধানৰ বাবে চৰকাৰে প্রতিবছৰে শ শ কোটি টকা আবণ্টন দিছে৷ কিন্তু গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰী (জিএমডিএ), গুৱাহাটী পৌৰ নিগম (জিএমচি), জলসম্পদ বিভাগকে ধৰি বিভিন্ন বিভাগৰ অসাধু বিষয়া–কর্মচাৰীয়ে কৃত্রিম বান সমস্যাক ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে৷ ফলত সাধাৰণ এজাক বৰষুণতে কৃত্রিম বানত দুর্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে৷ কৃত্রিম বান সমস্যা সমাধানৰ বাবে সুদূৰপ্রসাৰী বিজ্ঞানসন্মত আঁচনি চৰকাৰে গ্রহণ নকৰাৰ ফলতেই প্রতিবছৰে গুৱাহাটী মহানগৰীৰ ন ন অঞ্চল কৃত্রিম বানৰ কবলত পৰিছে৷ কৃত্রিম বানত মহানগৰীত এতিয়ালৈকে কেইবাজনো লোকে অকালতে প্রাণ হেৰুৱাবলগীয়া হৈছে৷
গুৱাহাটী মহানগৰীৰ পানী নিষ্কাশনৰ ব্যৱস্থাটো বিজ্ঞানসন্মত নোহোৱাৰ পৰিপ্রেক্ষিতত ভয়াৱহ ৰূপ লৈছে কৃত্রিম বানে৷ শিলসাঁকো, দীপৰ বিল, ভৰলু নৈ, বাহিনী নৈকে ধৰি বিভিন্ন জলাশয়ত হোৱা বেদখলৰ ফলত মহানগৰীৰ নলা–নর্দমাত জমা হোৱা পানী ওলাই যাব নোৱাৰাত ঘণ্টাৰ পিছত ঘণ্টা ধৰি কৃত্রিম বানত আবদ্ধ হৈ থাকিবলগীয়া হয় মহানগৰবাসী৷ মহানগৰীৰ নলা–নর্দমাত জমা হোৱা পানী নিষ্কাশনৰ বাবে পৌৰ নিগম আৰু জলসম্পদ বিভাগে পাম্পছেট বহুৱাইছে যদিও সেয়া পর্যাপ্ত নহয়৷ প্রাপ্ত তথ্য অনুসৰি, জিএমচিৰ ৪০টা পাম্পছেট আছে৷ ইয়াৰ ১০টা পাম্পছেট প্রতি ছেকেণ্ডত ৩৫০ লিটাৰ পানী নিষ্কাশন কৰাৰ ক্ষমতাসম্পন্ন৷ ১০টাই প্রতি ছেকেণ্ডত ১৫০ লিটাৰ পানী নিষ্কাশন কৰিব পাৰে৷ জলসম্পদ বিভাগৰ অধীনত ভৰলুমুখ, মৰাভৰলু, পাণ্ডু, শদিলাপুৰ, বোন্দাজান আৰু দক্ষিণগাঁও লখিমীজানত ইলেক্ট্রিকেল পাম্পছেট স্থাপন কৰা হৈছে৷ এই পাম্পছেটকেইটা প্রতি ছেকেণ্ডত ১৫০০ লিটাৰ পানী নিষ্কাশন কৰাৰ ক্ষমতাসম্পন্ন৷ তদুপৰি কৃত্রিম বানৰ কবলত পৰা অনিল নগৰ, তৰুণ নগৰ, লাচিত নগৰ আৰু জোনালীত ডিজেল পাম্পছেট বহুৱাই পানী নিষ্কাশনৰ ব্যৱস্থা কৰিছে৷ গুৱাহাটী পৌৰ নিগম আৰু জলসম্পদ বিভাগে পানী নিষ্কাশনৰ বাবে পাম্পছেটকেইটা স্থাপন কৰিছে যদিও সেয়া পর্যাপ্ত নহয় বুলি মন্তব্য কৰিছে ৰাইজে৷
বিশেষকৈ মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীয়ে যোৰাবাট, খানাপাৰা, পাঞ্জাবাৰী, বতাহঘূলি, চচল, ছয়মাইল, দ্বাৰকা নগৰকে ধৰি বিভিন্ন অঞ্চলত কৃত্রিম বানৰ সৃষ্টি কৰে৷ কৃত্রিম বান সমস্যাৰ পৰা মহানগৰবাসীক মুক্ত কৰিবলৈ হ’লে কেইবাটাও জলভাণ্ডাৰ নির্মাণ কৰিব লাগিব৷ মহানগৰীৰ খানাপাৰা, গড়চুক আৰু চানমাৰিত জলভাণ্ডাৰ নির্মাণ কৰিবলৈ বিশেষজ্ঞৰ লগত আলোচনা কৰিবলৈও চৰকাৰক দাবী জনাইছে ৰাইজে৷ এইকেইটা জলভাণ্ডাৰ নির্মাণ কৰাৰ লগতে ভৰলু নৈ, মৰাভৰলু, বাহিনী, বোন্দাজান, লখিমীজান খননৰ বাবেও আঁচনি গ্রহণ কৰিব লাগিব৷ তেতিয়াহে কৃত্রিম বান সমস্যাৰ পৰা মহানগৰবাসীক মুক্ত কৰিব পাৰিব বুলি সচেতন ৰাইজৰ লগতে কেইবাজনো বিশেষজ্ঞই মত পোষণ কৰিছে৷ উল্লেখ্য যে যোৱানিশা অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ হাতীগাঁও, জি এছ ৰোড, আমবাৰী, চানমাৰি, আৰ জি বৰুৱা ৰোডকে ধৰি বিভিন্ন অঞ্চল কৃত্রিম বানত ডুব যায়৷