নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শতাধিক নাও চলাচলত বিদীর্ণ দীপৰ বিলৰ বুকু

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ আৰক্ষী–প্রশাসনৰ নির্দেশনালৈ অংগুষ্ঠ প্রদর্শন কৰি আজি গুৱাহাটী মহানগৰীৰ সমীপৱর্তী ঐতিহাসিক দীপৰ বিলত পালন কৰে সমূহীয়া মাছ মৰা উৎসৱ৷ উল্লেখ্য যে ৰাজ্যখনৰ একমাত্র পক্ষী অভয়াৰণ্য হিচাপে পৰিচিত দীপৰ বিলত বৃহত্তৰ আজাৰা অঞ্চলৰ কেওটপাৰা, হীৰাপাৰা, নোৱাপাৰা, হাটুৱাপাৰা, মাটিয়া, বৰবৰী আদিকে ধৰি বিলখনৰ দাঁতিকাষৰীয়া প্রায় আঠশ মাছমৰীয়া পৰিয়ালে প্রতিবছৰে অকর্তৃত্বশীলভাৱে বলপূর্বক ভোগালী বিহুৰ প্রাক্ক্ষণত অর্থাৎ নতুন বছৰৰ প্রথমটো দেওবাৰে মাছ মৰা উৎসৱ পালন কৰে৷ উল্লেখনীয় যে বিলখনৰ প্রাকৃতিক ভাৰসাম্যৰ প্রতি লক্ষ্য ৰাখি পশ্চিম আৰক্ষী জিলাৰ উপ–আৰক্ষী আয়ুক্তই পহিলা জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী পর্যন্ত দীপৰ বিলত মাছ নামাৰিবলৈ এক নির্দেশনা জাৰি কৰে৷ লগতে বিলখনৰ আশে–পাশে থকা অঞ্চলত ১৪৪ ধাৰা জাৰি কৰি বিলখনৰ দাঁতিকাষৰীয়া অঞ্চলত পাঁচজনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰাৰ ক্ষেত্রত এক নিষেধাজ্ঞা জাৰি কৰে৷

কিন্তু অতি পৰিতাপৰ কথা এই যে আজিও স্থানীয় মাছমৰীয়া লোকসকলে আৰক্ষী প্রশাসনৰ নিষেধাজ্ঞালৈ অংগুষ্ঠ প্রদর্শন কৰি বিলখনত পালন কৰে সমূহীয়া মাছ মৰা উৎসৱ৷ ইপিনে, প্রতিবছৰৰ দৰে এইবেলিও দেশী–বিদেশী অগণন পৰিভ্রমী চৰায়ে বিলখনলৈ আহি জলকেলি কৰি আছে৷ দেশী বিদেশী পৰিভ্রমী চৰাইৰ জলকেলিত দীপৰ বিলৰ পৰিৱেশ দৃষ্টিনন্দন হৈ পৰিছে৷ কিন্তু অতি দুর্ভাগ্যজনক যে প্রশাসনৰ এনে নির্দেশনাক নস্যাৎ কৰি কালি নিশাৰ ভাগতেই আঠ শতাধিক মাছমৰীয়াই পাঁচ শতাধিক নাও লৈ মাছ মৰাৰ উদ্দেশ্যে দীপৰ বিলত নামি বিলখনৰ বুকু বিদীর্ণ কৰি তোলে৷ যাৰ ফলত পৰিভ্রমী চৰাইৰ জলকেলিত হঠাতে আহি পৰে তীব্র প্রত্যাহ্বান৷ তাৎপর্যপূর্ণ এই যে নির্দেশনা জাৰি কৰা আৰক্ষী প্রশাসনৰ কোনো লোকক আজি পুৱাৰ পৰা বিলখনৰ পাৰত দেখা নগ’ল৷ মাছমৰীয়া লোকসকলে নিশাৰ ভিতৰতেই সমগ্র বিলখনত তহিলং চলাই প্রকাণ্ড প্রকাণ্ড ৰৌ, ভকুৱা, বৰালি, চিতল, আৰি, মিৰিকা আদি মাছ বিলখনৰ পৰা নাৱেৰে উঠায় যদিও প্রকাণ্ড মাছবোৰৰ অধিকাংশ মাছেই মাছমৰীয়া লোকসকলে লুকুৱাই থয়৷

ইয়াৰ বিপৰীতে প্রায় এক–ডেৰ কেজি ওজনৰ ৰৌ–ভকুৱা বিলৰ পাৰত তথা আজাৰা, ধাৰাপুৰ আৰু কাঁহিকুছি বজাৰত বিক্রীৰ বাবে উলিয়াই দিয়ে৷ মাছমৰীয়াসকলে প্রতিকেজি ভকুৱা আৰু প্রতিকেজি ৰৌ মাছৰ দাম ক্রমে পোন্ধৰশ আৰু বাৰশ টকালৈ নির্ধাৰণ কৰি দিয়াত অধিকাংশ ক্রেতাই নিৰাশ মনে উভতি আহে৷ লগতে বিলখনৰ দাঁতিকাষৰীয়া অধিকাংশ সর্বসাধাৰণ লোক মাছ খোৱাৰ পৰা বঞ্চিত হয়৷ দীপৰ বিলত মাছ মৰা একাংশ মাছমৰীয়াই জানিবলৈ দিয়া মতে, পশ্চিম আৰক্ষী জিলা প্রশাসন আৰু বন বিভাগৰ লোকে মাছমৰীয়াসকলৰ পৰা বৃহৎ াকাৰৰ প্রায় পাঁচ–ছয় কুইণ্টল মাছ নিশাৰ ভিতৰতে লৈ যায়৷ যাৰ বাবে বিক্রীৰ বাবে লৈ যোৱা মাছৰ দাম যথেষ্ট বৃদ্ধি কৰিবলগীয়া হয়৷

You might also like