নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাত বছৰে বিকল ঘোঁৰামাৰা পানীযোগান আঁচনি

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ  বিগত ৭ বছৰ ধৰি বিকল হৈ আছে পশ্চিম মায়ঙৰ ঘোঁৰামাৰা পানীযোগান আঁচনি৷ অকণো বিশুদ্ধ পানীৰ সুবিধা দিবলৈ সক্ষম নোহোৱা আঁচনিখন সম্প্রতি হাবিৰে ভৰি পৰা পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে বানপানী অধ্যুষিত অঞ্চলৰ কেইবাশ পৰিয়ালে দীর্ঘদিনৰ পৰা বিশুদ্ধ পানীৰ সমস্যাত ভুগি আহিছিল৷ সেই দিশৰ প্রতি লক্ষ্য কৰি তথা স্থানীয় ৰাইজৰ দাবীৰ প্রতি সঁহাৰি জনাই প্রায় ৭ বছৰ পূর্বে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী সংমণ্ডলৰ অধীনত অঞ্চলটোত স্থাপন কৰিছিল নির্দিষ্ট পানীযোগান আঁচনিখন৷ ব’ৰিঙৰ সহায়ত পানী উত্তোলন কৰি স্থানীয় ৰাইজক বিশুদ্ধ পানী যোগানৰ বাবে পাইপ সংযোগেৰে সকলো ব্যৱস্থাপনা সম্পূর্ণ কৰি তুলিছিল সংশ্লিষ্ট বিভাগটোৱে৷

আশ্চর্যকৰভাৱে নির্মাণ সম্পূর্ণ কৰি কিছুদিন ট্রায়েল হিচাপত পানী যোগানৰ দিহা কৰিছিলহে মাথোঁ৷ কিন্তু দুর্ভাগ্যজনকভাৱে ট্রায়েল হিচাপত কিছুদিন চলোৱাৰে পৰা বিকল হৈ পৰে পানীযোগান আঁচনিখন৷ আচৰিত কথা যে তেতিয়াৰে পৰা আজিলৈ মেৰামতিৰ কোনো ব্যৱস্থা নকৰিলে সংশ্লিষ্ট বিভাগটোৱে৷

আনকি সেই সময়ৰ পৰা বিভাগটোৰ কোনো বিষয়া–কর্মচাৰী উপস্থিত পর্যন্ত হোৱা নাই তাত৷ ফলত বিগত ৭টা বছৰে বিকল হৈ থকা আঁচনিখন সম্প্রতি হাবিয়নিত পৰিণত হৈছে৷ কেৱল হাবিয়নিয়েই নহয়, জহি খহি গৈছে আঁচনিখনৰ ঘৰ–দুৱাৰ৷ ইয়াৰ ফলত পূর্বৰ দৰেই পানীৰ সমস্যাত ভুগি থাকিব লগা হৈছে অঞ্চলবাসী৷

You might also like