নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ বিভিন্ন স্থানত বাতৰিকাকতৰ বিতৰকক লুটপাত দুর্বৃত্তৰ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ  মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থালৈ বুঢ়া আঙুলি দেখুৱাই দুর্বৃত্তই গুৱাহাটীৰ বিভিন্ন স্থানত লুটপাত চলাই আহিছে৷ শেহতীয়াকৈ বিগত কিছুদিন ধৰি মহানগৰীৰ বিভিন্ন স্থানত দুর্বৃত্তই বাতৰিকাকতৰ বিতৰকক মাৰপিট কৰি ধন আৰু ম’বাইল ফোন আদি কাঢ়ি নিয়া ঘটনা সংঘটিত হৈছে৷ পুৱা প্রায় ৪ বজাতে বাতৰিকাকত বিলাবৰ বাবে বিতৰকসকল ঘৰৰ পৰা ওলাই আহে৷ আন্ধাৰ আৰু নির্জনতাৰ সুযোগ লৈ দুর্বৃত্তই কেইবাজনো বিতৰকক লুটপাত চলাইছে৷ ঘটনা সন্দর্ভত সদৌ গুৱাহাটী বাতৰিকাকত বিতৰক সন্থাৰ সভাপতি দিলীপ বর্মন আৰু সম্পাদক ব্রজেন বর্মনে আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাৰ ওচৰত অভিযোগ দাখিল কৰিছে৷ বিগত সময়ছোৱাত শ্রীমন্তপুৰৰ সুৰেন বর্মন, ৰূপনগৰৰ গিৰীশ ৰাজবংশী, লাচিত নগৰৰ লক্ষেশ্বৰ কলিতা, ৰাজগড়ৰ দীপক ৰাভা, আমবাৰীৰ কৰণ ভগৎ, লালমাটিৰ অনিল শর্মাক দুর্বৃত্তই শাৰীৰিকভাৱে আক্রমণ কৰি ধন আৰু ম’বাইল ফোন কাঢ়ি নিছে৷ ইয়াৰ উপৰি পাঞ্জাবাৰী, নুনমাটি, কাহিলিপাৰা আদি অঞ্চলতো অনুৰূপ ঘটনা সংঘটিত হৈছে৷ সদৌ গুৱাহাটী বাতৰিকাকত বিতৰক সন্থাই এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষী আয়ুক্তক আহ্বান জনাইছে৷

You might also like